বিশ্ব নেতাৰ ভূমিকাক লৈ অসন্তুষ্টিঃ এণ্ট’নিঅ’ গুটেৰেছ
- পূর্বজ্যোতি চুতীয়া
ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ আৰম্ভণিতে এই মহামাৰীৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ সমগ্র বিশ্বই ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ অৱকাশ আছিল নেকি? সংঘাতত ব্যস্ত থকাৰ সময়তে বিশ্ব নেতাসকলে মানৱ জাতিৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ এই সন্ধিক্ষণত সঠিক সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্রত চৰম ব্যর্থতা প্রদর্শন কৰিলে নেকি? ক’ভিড–১৯ত বিশ্বজুৰি লাখ লাখ লোক আক্রান্ত হোৱাৰ সময়ত মানুহৰ মনত বাৰে বাৰে ভুমুকি মাৰিছে এই প্রশ্ণই৷ ইয়াৰ মাজতেই ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্ট’নি’ গুটেৰেছে কৰা মন্তব্যই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ তেওঁ সামান্যতমো দ্বিধাবোধ প্রদর্শন নকৰাকৈ মন্তব্য কৰিছে যে ক’ভিড–১৯এ মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ বাবে বিশ্ব নেতাসকলেও নিজৰ দুখ স্বীকাৰ কৰিবলৈ বাধ্য হ’ব৷ সংবাদ মাধ্যমৰ আগত ৰাষ্ট্রসংঘৰ নৱম সচিব প্রধানজনে কয় যে ক’ভিড–১৯ৰ সন্মুখীন হ’বলৈ সুপৰিকল্পিতভাৱে সাজু হোৱাত বিশ্ব সক্ষম নহ’ল৷ এইক্ষেত্রত বিশ্ব নেতাসকলে আন সকলো সংঘাত পৰিহাৰ কৰি একত্রিতভাৱে মৃত্যুদূতৰূপী ভাইৰাছৰ বিৰুদ্ধে সংগ্রামত লিপ্ত হ’বলৈ সাজু হোৱাৰ সলনি আৰম্ভণিৰ সময়তে গা এৰা মনোভাব প্রদর্শন কৰিলে৷ চীনত যেতিয়া ক’ভিড–১৯ৰ সংক্রমণ আৰম্ভ হৈছিল তেতিয়াই আগশাৰীৰ দেশসমূহে সংঘবদ্ধভাৱে সকলো দেশত প্রযোজ্য হোৱাকৈ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হ’লে এই মহামাৰীৰ সংহাৰ বহু পৰিমাণে প্রতিৰোধ কৰাটো সম্ভৱ হ’লহেঁতেন৷ কিন্তু ইয়াৰ পৰিৱর্তে বিশ্ব নেতাসকলে জনস্বাস্থ্যৰ ওপৰত সর্বাধিক গুৰুত্ব দিয়াৰ সলনি ইতিমধ্যে দোদুল্যমান অৱস্থাত থকা গোলকীয় অর্থনীতিক অধিক প্রাধান্য দিলে৷ এই মাৰাত্মক ভুলৰ বাবে এতিয়া মানুহে পৰিণাম ভোগ কৰিবলগীয়া হৈছে৷ কোনোধৰণৰ উষ্মাৰ ভাব প্রকাশ নকৰাকৈ ৭১ বছৰীয়া গুটেৰেছে কয়– ‘মই ভাবোঁ গোটেই কর্মপদ্ধতিত ডাঙৰ ভুল আছে৷ মই ভাবোঁ নেতৃত্ব আৰু ক্ষমতাসীনসকলে পাৰস্পৰিক সহযোগিতাৰ প্রতি আগ্রহ প্রকাশ নকৰিলে৷ শক্তিশালী নেতৃত্ব আছিল– যেনে আমেৰিকা আৰু চীন৷ কিন্তু বিশ্বৰ ক্ষমতাশালী দেশ আৰু নেতৃত্ব সংঘবদ্ধ নহ’ল৷ সমগ্র বিশ্বৰ সম্প্রদায়ক আক্রান্ত কৰা এই নাটকীয় সমস্যা সমাধান কৰাৰ বাবে বিশ্ব নেতাসকল একত্রিত নহ’ল ৷
আমেৰিকা আৰু চীন উভয়ৰে বিৰুদ্ধে গুটেৰেছৰ অসন্তুষ্টি স্পষ্ট হৈ পৰিছে ৷ দুয়োখন দেশৰ নেতৃত্বৰ সৈতে গুটেৰেছৰ মতবিৰোধ বিগত কেইবছৰমানত পৰিলক্ষিত হৈছে৷ ২০১৬ চনত পর্টুগীজ ৰাজনৈতিক নেতা তথা কুটনীতিবিদজনক ৰাষ্ট্রসংঘৰ সচিবপ্রধান হিচাপে মনোনীত কৰাৰ পিছৰে পৰা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰে তেওঁৰ মতবিৰোধ অব্যাহত আছে৷ শেহতীয়াকৈ ট্রাম্পে ৰাষ্ট্রসংঘৰ অধীনস্থ বিশ্ব স্বাস্থ্য সংস্থালৈ সকলোধৰণৰ অনুদান বন্ধ কৰাৰ লগতে সংস্থাটোৰ বিকল্প হিচাপে নতুন সংস্থা গঠন কৰিবলৈ উদ্যোগ লোৱাৰ ভাবুকি দি ট্রাম্পে বিতর্কিত মন্তব্য কৰিছিল৷ ইয়াৰ পিছতে গুটেৰেছে বিশ্ব স্বাস্থ্য সংস্থাৰ পক্ষত থিয় দি ট্রাম্পৰ মন্তব্যৰ যোগ্য প্রত্যুত্তৰ দিয়ে৷ তেওঁ কয় যে বিশ্ব স্বাস্থ্য সংস্থা কিমান প্রাসংগিক বা ইয়াৰ বিকল্পৰ প্রয়োজনীয়তা আছে নে নাই সেই বিষয়ে চিন্তা–চর্চা কৰিবলৈ ভৱিষ্যতে বহুত সময় পোৱা যাব৷ যিমানেই ক্ষমতাশালী নহওক, এজন ব্যক্তিয়ে এনেধৰণৰ আন্তঃৰাষ্ট্রীয় সংস্থাৰ প্রাসংগিকতাক লৈ অকলে সিদ্ধান্ত ল’ব নোৱাৰে৷ তেওঁ কয় যে এনেধৰণৰ আলোচনাৰ বাবে এয়া উপযুক্ত সময় নহয়৷ বৰঞ্চ এই সময়খিনিয়ে হ’ল বিশ্ব স্বাস্থ্য সংস্থাৰ সকলো দিশৰ পৰা সহযোগ কৰাৰ আটাইতকৈ উত্তম সময়৷ ট্রাম্পৰ সৈতে একাধিকবাৰ সংঘাতৰ সন্মুখীন হৈছে গুটেৰেছ৷ জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে স্বীকৃতি প্রদান কৰাৰ পাছত আমেৰিকাৰ এই সিদ্ধান্তক গুটেৰেছে মুকলিকৈ প্রত্যাহ্বান জনাইছিল৷ ২০১৮ চনৰ ছেপ্ঢেম্বৰত ৰাষ্ট্রসংঘৰ ৭৩ সংখ্যক সাধাৰণ অধিৱেশনত প্রযুক্তিৰ অগ্রগতিক লৈ ট্রাম্পৰ সম্পূর্ণ বিপৰীত মেৰুত অৱতীর্ণ হৈছিল ৰাষ্ট্রসংঘৰ সচিব প্রধানজনে৷ তেৱেঁই আছিল ৰাষ্ট্রসংঘৰ প্রথমজন সচিবপ্রধান, যিয়ে স্পষ্টভাৱে মন্তব্য কৰিছিল যে প্রযুক্তিৰ অগ্রগতিয়ে শ্রমিকৰ ব্যাপক ক্ষতিসাধনৰ আশংকা সৃষ্টি কৰিছে আৰু সেয়ে সার্বজনীন মৌলিক উপার্জন সুনিশ্চিত কৰিবলৈ প্রতিখন দেশে ব্যৱস্থা গ্রহণ কৰিব লাগে ৷
ৰাষ্ট্রসংঘৰ সৈতে জড়িত হোৱাৰ পূর্বে গুটেৰেছ আছিল পর্টুগালৰ এজন জনপ্রিয় ৰাজনৈতিক নেতা৷ ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ তেওঁ আছিল দেশখনৰ প্রধানমন্ত্রী৷ অন্ততঃ দুবাৰ ৰাষ্ট্রজোৰা সমীক্ষাত তেওঁ পর্টুগালৰ বিগত ৩০ বছৰৰ সর্বশ্রেষ্ঠ প্রধানমন্ত্রী হিচাপে চিহ্ণিত হৈছিল৷ ১৯৪৯ চনত লিছবনত জন্মগ্রহণ কৰা গুটেৰেছে ইঞ্জিনীয়াৰিঙৰ লগতে পদার্থ বিজ্ঞানৰ উচ্চ শিক্ষা গ্রহণ কৰিছিল৷ কিন্তু ১৯৭৪ চনত ৫ দশকজোৰা একছত্রী শাসনৰ ওৰ পৰাৰ পূর্বে তেওঁ সক্রিয়ভাৱে ৰাজনীতিৰ সৈতে জড়িত হৈ পৰাৰ লগতে নতুন ৰাজনৈতিক দল গঠন কৰে৷ অৱশ্যে ২০০৫ চনত তেওঁ ৰাজনীতিৰ পৰা সন্ন্যাস লৈ ৰাষ্ট্রসংঘৰ শৰণার্থী হাই কমিছনাৰ হিচাপে যোগদান কৰে৷ তেওঁৰ কার্যকালতেই বিভিন্ন সংঘাতত সমগ্র বিশ্বত গৃহহীন হৈ পৰা লোকসকলৰ প্রতি সাহায্য আগবঢ়াবলৈ ধনী দেশসমূহক বাধ্য কৰোৱাটো সম্ভৱ হয়৷ তেওঁ কয়– ‘আমি এনে এখন বিশ্বত বাস কৰিছোঁ য’ত নতুন নতুন সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে৷ সংঘাত দূৰীকৰণ আৰু সমাধান দিনক দিনে জটিল হৈ পৰিছে৷ নিজৰ জীৱন ৰক্ষাৰ বাবে মানুহে নিৰাপদ আশ্রয় বিচাৰিবই৷ ইয়াত আমি বাধা দিব নোৱাৰোঁ৷ আমাৰ দায়িত্ব হ’ব লাগিব তেওঁলোকৰ প্রতি মানৱীয় আচৰণ প্রদর্শন কৰা ৷’