অসমলৈ আহিবলৈ দিল্লীত অপেক্ষা নিজামুদ্দিনলৈ যোৱা ৪৩৯ জামাতীৰ
নিয়মীয়া বাৰ্তা ৫ মেঃ বহিঃৰাজ্যত আবদ্ধ লোকক ওভতাই অনাৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ লোৱাৰ সময়তে দিল্লীৰ নিজামুদ্দিনৰ পৰা অসমলৈ আহিবলৈ তৎপৰ হৈছে ৪৩৯জন তবলিগী জামাতী৷ ভয়াৱহ ক’ৰোনা ভাইৰাছৰ সংক্রমণ কিছু পৰিমাণে ৰাজ্যত নিয়ন্ত্রিত হৈ থকাৰ সময়তে নিজামুদিন মার্কাজৰ পৰা চাৰি শতাধিক জামাতীয়ে অসমলৈ অহাৰ বাবে দেখুওৱা তৎপৰতাই স্বাভাৱিকতে প্রতিক্রিয়া সৃষ্টি কৰিছে৷ উল্লেখ্য যে অসমত আক্রান্ত হোৱা ৪২জন ক’ভিড–১৯ আক্রান্তৰ অধিকাংশই হ’ল দিল্লীৰ নিজামুদ্দিন ফেৰৎ৷ দিল্লীৰ নিজামুদ্দিন মার্কাজৰ পৰা অহা জামাতীৰ পৰা অসমৰ লগতে দেশৰ ভিন্ন প্রান্তত ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাইছিল৷ এনে অৱস্থাত অসমলৈ ঘূৰি আহিবলৈ প্রস্তুতি চলোৱা ৪৩৯জন জামাতীক কিদৰে ঘূৰাই অনা হয়, সেয়া লক্ষণীয় হৈ পৰিছে৷ জানিব পৰা মতে, আবদ্ধ হৈ থকা অসমৰ এই জামাতীসকলৰ ঠিকনা, সংশ্লিষ্ট জিলা, ফোন নম্বৰৰ এখন তালিকা অসম চৰকাৰৰ হাতত ইতিমধ্যে জমা দিয়া হৈছে৷ জামাতীসকলৰ হৈ জুনেইদ খালিদ নামৰ এজন অধিবক্তাই এই তালিকা দাখিল কৰিছে৷
উক্ত তালিকা অনুসৰি কামৰূপ মহানগৰ জিলালৈ সর্বাধিক ৯৪জনে নিজামুদ্দিনৰ পৰা আহিব বিচাৰিছে৷ আনহাতে, ধুবুৰীৰ পৰা ৮৬জন, লখিমপুৰৰ পৰা ৭৫জন আৰু শিৱসাগৰৰ পৰা যোৱা ৫৪জন জামাতীয়ে ঘূৰি অহাৰ বাবে ৰাজ্য চৰকাৰক আবেদন জনাইছে৷ নিজামুদ্দিনলৈ গৈ ঘূৰি আহিবলৈ আবেদন কৰা আন লোকসকলৰ ভিতৰত কাছাৰ জিলাৰ ৩৫জন, নলবাৰীৰ ২৯জন, তিনিচুকীয়াৰ ২৪জন, কার্বি আংলঙৰ ১৫জন, দৰঙৰ ১৪জন, যোৰহাটৰ ১২জন আৰু ওদালগুৰি জিলাৰ এজন লোক আছে৷ ইতিমধ্যে ২৮ দিনীয়া কোৱাৰেণ্টাইন সম্পূর্ণ কৰা এই ৪৩৯জন জামাতীয়ে নিজ নিজ জিলালৈ ঘূৰি আহিবলৈ অসম চৰকাৰক যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে আবেদন জনাইছে৷ ৰাজ্য চৰকাৰৰ এক সূত্রই প্রকাশ কৰা মতে, ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ সন্দেহত দিল্লীৰ বিভিন্ন চেণ্টাৰত কোৱাৰেণ্টাইন হোৱা এইসকল জামাতীৰ শৰীৰ পৰীক্ষা সম্পন্ন হোৱাৰ লগতে দুবাৰকৈ নিগেটিভ পোৱা গৈছে৷ যাৰ বাবে এইসকলক দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে ঘৰলৈ ঘূৰি অহাৰ অনুমতি দিছে৷ অৱশ্যে আন্তঃৰাজ্যিক যাতায়াত বন্ধ হৈ থকা বাবে যোৱাকেইদিন ৰাজধানী চহৰখনতে বাহৰ পাতি আছিল৷ শেহতীয়াকৈ অসম চৰকাৰে আন্তঃৰাজ্যিক যাতায়াত মুকলি কৰা হেতু ঘূৰি আহিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত আবেদন জনাইছে জামাতীসকলে৷ অৱশ্যে এতিয়াও এই সন্দর্ভত কোনো সিদ্ধান্ত লোৱা নাই ৰাজ্য চৰকাৰে৷ সূত্রটোৱে ইয়াকো কয় যে বহিঃৰাজ্যত আবদ্ধ লোকসকলক ওভতাই অনাৰ বাবে শেহতীয়াকৈ অসম চৰকাৰে ৭৪২৮১–৫৯৯৬৬ নম্বৰৰ এক হেল্পলাইন মুকলি কৰিছে৷ এই নম্বৰত মিছকলৰ দ্বাৰা আবেদনৰ বাবেও চৰকাৰে আহ্বান জনাইছে৷ কিন্তু লোকসকলক কেতিয়া কেনেকৈ অনা হ’ব, সেয়া চূড়ান্ত হোৱা নাই৷ এনে অৱস্থাত আবদ্ধ জামাতীসকলৰ ক্ষেত্রত শীঘ্রে ব্যৱস্থা গ্রহণৰ সম্ভাৱনা যথেষ্ট কম৷ অৱশ্যে জামাতীসকলে নিজস্ব উদ্যোগত আহিব বিচাৰিলে তাৰ বাবে মেইলযোগে আবেদন জনালে বিষয়টো চৰকাৰে বিবেচনা কৰিব৷ উল্লেখ্য যে নিজামুদ্দিন মার্কাজৰ জৰিয়তে সমগ্র দেশতে ক’ৰোনা ভাইৰাছ বিয়পি পৰাৰ অভিযোগৰ মাজতে পুনৰ চাৰি শতাধিক জামাতীয়ে ৰাজ্যলৈ উভতি আহিবলৈ চলোৱা তৎপৰতাই স্বাভাৱিকতে ৰাজ্যবাসীৰ মাজত কিছু শংকাৰ সৃষ্টি কৰিছে৷ চৰকাৰী সূত্রটোৱে অৱশ্যে স্পষ্ট কৰি দিয়ে যে ৰাজ্যলৈ ঘূৰি আহিলেও এইসকল জামাতীৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব আৰু প্রয়োজনত কোৱাৰেণ্টাইন কৰা হ’ব৷