নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘগ্রাপাৰত কৃষকক সাহায্যৰ নামত কেলেংকাৰি

নিয়মীয়া বাৰ্তা, ৫ মেঃ সমগ্র দেশজুৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিগৰাকী কৃষকক বেংকৰ জৰিয়তে বছৰেকত ছয় হাজাৰ টকাকৈ সাহায্য প্রদান কৰাৰ ‘প্রধানমন্ত্রী কৃষি সন্মান নিধি’আৰু মুখ্যমন্ত্রী ‘কৃষি সা–সঁজুলি যোজনা’ ৰ এক অভিলাসী আঁচনি গ্রহণ কৰিছে ৷ কিন্তু উক্ত আঁচনি দুখন অসম তথা নলবাৰী জিলাত ব্যাপক অনিয়ম স্বজন–তোষণ কৰি দেশৰ প্রধানমন্ত্রী মোদীৰ দৰিদ্র কৃষকক সহায় কৰিব খোজা আঁচনিখন ভৰিৰে মোহাৰি পেলোৱা পৰিলক্ষিত হৈছে৷ নলবাৰী জিলাৰ বিভিন্ন পঞ্চায়তত প্রকৃত খেতিয়কক বঞ্চিত কৰি নিজ খেয়াল–খুচি অনুসৰি নিজৰ পছন্দমতে একেখন ঘৰৰ প্রতিটোকে খেতিয়কৰ লেবেল লগাই সাহায্য দিয়াৰ ব্যৱস্থা গ্রহণ কৰিছে৷ নলবাৰী জিলাৰ বিভিন্ন পঞ্চায়তত কৃষকক সাহায্য দিয়াৰ এনেধৰণৰ তালিকাৰ পৰা প্রকৃত খেতিয়কৰ নাম বাদ পৰা বুলি সর্বত্র অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ নলবাৰী সমষ্টিৰ অন্তর্গত পঞ্চায়তসমূহত ব্যাপক হাৰত স্বজন–তোষণ হৈছে৷

পঞ্চায়তসমূহৰ একাংশ জনপ্রতিনিধিৰ উপৰি একাংশ বিজেপি দলৰ নেতা–কর্মীযে কৃষকৰ সাহায্য প্র–পত্রত নিজৰ মানুহৰ নাম অন্তর্ভুক্তিৰে তালিকাভুক্ত কৰি জিলা কৃষি বিভাগৰ কার্যালয়ত জমা দিয়ে৷ তাৰ ফলস্বৰূপে প্রকৃত খেতিয়কৰ নাম বাদ পৰি যায়৷ উল্লেখ্য যে নলবাৰী জিলাৰ বডিগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তর্গত ৯খন পঞ্চায়ততে কম বেছি পৰিমানে এনে ধৰণৰ আসোঁৱাহপূর্ণ তালিকা প্রস্তুত কৰা বুলি বৃহত্তৰ ঘগ্রাপাৰ অঞ্চলৰ সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ জিলাখনৰ কৃষি বিভাগৰ কার্যালয়ত দৰিদ্র কৃষক হিতাধিকাৰীৰ তালিকা বাছনিত এনে অনিয়ম আৰু স্বজন–তোষণ সংঘটিত হোৱাৰ অভিযোগে অঞ্চলটোৰ ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কৃষি বিষয়া কার্যালয়ৰ একাংশ বিষয়া–কর্মচাৰীযে শাসকীয় বিজেপি দলৰ নেতা–পালিনেতাৰে মিলি উক্ত আঁচনিখনৰ বাবে কৃষক হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰাৰ বাবেই কৃষক হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰাত অনিয়ম সংঘটিত কৰিছে৷

প্রণিধানযোগ্য যে কৃষি বিভাগৰ গ্রামসেৱকৰ পৰিৱর্তে বিজেপি দলৰ নেতা–পালিনেতাই হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰাৰ বাবেই কৃষকৰ বাবেই প্রধানমন্ত্রীয়ে প্রদান কৰা আঁচনিৰ ধনৰ পৰা প্রকৃত কৃষকসকল বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ প্রকৃত দৰিদ্র কৃষকৰ মুখৰ ভাত কাঢ়ি দলৰ কর্মী সমর্থক তথা নেতাৰ অঙহী–বঙহী, শিক্ষকৰ পত্নী , পুত্র , অৱসৰপ্রাপ্ত চৰকাৰী কর্মচাৰীৰ পত্নী সন্তানকে ধৰি পৰিয়ালটোৰ আটাইকেইজন সদস্য উক্ত তালিকাত অন্তর্ভুক্ত কৰিছে৷ বিশেষকৈ দতৰা, ঘগ্রাপাৰ, পূব বনভাগ , দিহজাৰী, ছটাইবাৰী, খাতিকুছি, আল্লিয়াকে ধৰি আটাইকেইখন পঞ্চায়ততে সংঘটিত হৈছে বৃহৎ কেলেংকাৰি তথা স্বজন–তোষণ৷

বিশেষকৈ ১৫নং দিহজাৰী পঞ্চায়তত সভাপতিগৰাকীয়ে সীমাহীন অনিয়ম স্বজন–তোষণৰ আশ্রয় লৈ নিজৰ নামত দুটাকৈ, পত্নী তথা নিজৰ অঙহী বঙহীৰ নাম, মাটিহীন, শিক্ষক আৰু পত্নী, চৰকাৰী চাকৰিয়ালৰ পত্নী, পুত্রৰ নাম, আনকি ৮০ বছৰীয়া বৃদ্ধৰ নামো অন্তর্ভুক্ত কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এই কৃষি সাহায্য তালিকা প্রস্তুত কৰা সময়ত গাঁওসভাৰ গৰিষ্ঠ সদস্য জডিত হৈ ধনৰ লেনদেন কৰা বুলি পঞ্চায়তখনৰ সচেতন ৰাইজে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়ে৷ উল্লেখ্য যে বডিগোগ বনভাগ উন্নয়ন খণ্ডৰ পঞ্চায়তসমূহত প্রকৃত খেতিয়কক বঞ্চিত কৰি একাংশ বিজেপি নেতা–কর্মীযে কৃষি সাহায্য আঁচনিখন ৰূপায়ণত অনিয়ম হোৱাৰ অভিযোগ তুলি ইতিমধ্যে ঘগ্রাপাৰ আঞ্চলিক ছাত্র সন্থাই ঘগ্রাপাৰ ৰাজহ চক্রৰ চক্র বিষয়া আৰু নলবাৰী জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷ স্মাৰক–পত্রখনত অভিযোগ কৰা অনুসৰি প্রধানমন্ত্রীৰ কৃষক সাহায্য আঁচনিখনত চৰকাৰী কর্মচাৰী পেন্সনাৰ ধনাঢ়্য ব্যক্তি একেটা পৰিয়ালৰে তিনি চাৰিজন সদস্য অন্তর্ভুক্ত হৈ চৰকাৰী ধন লাভ কৰিছে৷

সমগ্র বিষয়টোৰ ওপৰত তদন্ত কৰি প্রকৃত কৃষকক কৃষি সাহায্য প্রদান কৰাৰ লগতে এই কেলেংকাৰিত জডিত দোষীক উপযুক্ত শাস্তি বিহাৰ বাবে দাবী জনাই ঘগ্রাপাৰ আঞ্চলিক ছাত্র সন্থাই অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ স্মাৰক–পত্র প্রেৰণ কৰিছে৷

You might also like