নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ তাঁতীবাহৰত উদ্ধাৰ ২০ কেজি ওজনৰ বৰকাছ

বদলা সত্রৰ পুখুৰীত মুকলি

নিয়মীয়া বার্তা, ৫ মে’ : বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আতংকই বিৰাজ কৰি অহাৰ সময়তে ৩ মে’ত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ ঐতিহ্যমণ্ডিত তাঁতীবাহৰত স্থানীয় ৰাইজে প্রায় ২০ কেজি ওজনৰ এটা বৰকাছ উদ্ধাৰ কৰে ৷ ১নং তাঁতীবাহৰৰ নিৱাসী তথা অৰুণাচল প্রদেশৰ কর্মৰত আৰক্ষী হৰেন বৰাই বান্দৰ খেদিবলৈ যাওঁতে ঘৰৰ কাষেদি বৈ যোৱা কুমাৰজানৰ পাৰত থকা এজোপা চেগুন গছৰ তলত বননিৰ মাজত আবেলি ২.৩০ বজাত কাছটোৱে ইফাল–সিফাল কৰি থকাত বনবোৰ লৰচৰ থকা দেখি প্রথমে তেওঁ সাপ বুলি ভাবে যদিও পাছত কাছটো দেখি স্থানীয় লোকৰ সহযোগত কাছটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কাছটোৱে চেগুন গছৰ খোৰাঙত কণী পাৰিবলৈ কুমাৰজান নদীখনৰ পৰা ওলাই অহা বুলি স্থানীয় ৰাইজে ধাৰণা কৰিছে ৷ বৰকাছটো ধৰা খবৰটো অঞ্চলটোত খন্তেকৰ ভিতৰতে বিয়পি পৰাত স্থানীয় লোকে চাবলৈ যথেষ্ট ভিৰ কৰে ৷ পাছত স্থানীয় ৰাইজৰ পৰামর্শ অনুসৰি ঐতিহ্যমণ্ডিত নাৰায়ণপুৰৰ শ্রীশ্রী বদলা পদ্মআতা সত্রৰ চৌহদত অৱস্থিত পুখুৰীত মেলি দিয়ে ৷

You might also like