নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমাহ পিছত দৰিদ্রক যোগান ধৰিব নোৱাৰে খাদ্য সামগ্রী

নিয়মীয়া বাৰ্তা, ৫ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে দেশত চলি থকা তৃতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ দুখীয়া জনসাধাৰণৰ বাবে সমবায় সমিতিসমূহে লৈ আহিছে দুখবৰ । ৰাজ্য চৰকাৰে দুখীয়া লোকসকলক চাউলকে ধৰি অন্যান্য সামগ্রীসমূহ বিভিন্ন প্রান্তৰ সমবায় সমিতিসমূহৰ জৰিয়তে যোগান ধৰি আহিছে ৷ এই লকডাউনৰ সময়ছোৱাত সমবায় সমিতিক অপৰিহার্য হিচাপে গণ্য কৰিও ৰাজ্য চৰকাৰ আৰু যোগান বিভাগে কৰা চূড়ান্ত অৱহেলাৰ ছবিখন উদঙাই গুৱাহাটী মহকুমা গাঁও পঞ্চায়ত সমবায় সমিতিয়ে মির্জাত এক সংবাদ মেল অনুষ্ঠিত কৰি সমিতিৰ সম্পাদক আদিত্য ৰাভাই দীর্ঘদিন ধৰি পৰিবহণ আৰু ভঁৰাল ঘৰৰ খৰচৰ বাবদ কোটি কোটি টকাৰ ঋণৰ বোজা সমবায় সমিতিসমূহে বহন কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে ৷ গুৱাহাটী মহকুমাৰ অন্তর্গত ২৮খন সমিতিয়ে ৪ কোটিতকৈও অধিক টকা পাবলগীয়া থকা বুলি মন্তব্য কৰি সমগ্র অসমতেই প্রতিখন সমবায় সমিতিয়ে লক্ষ লক্ষ টকা ঋণৰ বোজা কঢ়িয়াই থকা বুলিও সংবাদ মেলত মন্তব্য কৰে ৷

এইবেলি দেশৰ বেয়া দিনৰ সময়ত সমবায় সমিতিসমূহে নিষ্ঠাৰে ৰাইজক খাদ্য সামগ্রী যোগান ধৰি আহিছে যদিও পৰিবহণ ব্যয়ৰ বোজা সহিব নোৱাৰা হৈছে বুলিও মন্তব্য কৰে৷ হয়তো আৰু এমাহমানৰ পিছত ৰাইজক সুলভ মূল্যৰ খাদ্য সামগ্রী যোগান ধৰিব নোৱাৰিব বুলি মন্তব্য কৰে৷ দক্ষিণ কামৰূপ গাঁও পঞ্চায়ত সমবায় সমিতিৰ কার্যালয়ৰ সংবাদ মেলত প্রদীপ কুমাৰ বডা, জোন দাস, প্রদীপ আগৰৱালা, আমিনুল ইছলাম, প্রফুল্ল মেধি, নুৰ হুছেইন আদিকে ধৰি কেইবাগৰাকী বিষয়ববীয়াৰ উপস্থিতিত সম্পাদক আদিত্য ৰাভাই সম্বোধন কৰি অসম চৰকাৰে তৎপৰতা আৰু মানৱীয় দৃষ্টিভংগীৰে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰা কার্যক ধন্যবাদ জনায়৷ লগতে এনে দুর্গত সময়ত নিষ্ঠাৰে লকডাউন মানি লৈ ৰাজ্যৰ দুখীয়া জনসাধাৰণক খাদ্য সামগ্রী যোগান ধৰিবলৈ পাই যথেষ্ট সুখী বুলি মন্তব্য কৰি এমাহ পিছত সমবায় সমিতিসমূহ স্তব্ধ হৈ পৰাৰ আশংকা ব্যক্ত কৰে৷ সেয়েহে সময় থাকোঁতেই যোগান বিভাগক তৎপৰতা গ্রহণ কৰি সমবায় সমিতিসমূহে পাব লগা ধনৰাশিৰ কিছু হ’লেও আদায় দি নিষ্ঠাৰে কাম–কাজ কৰি যোৱাৰ সুবিধা কৰি দিয়াৰ বাবে আহ্বান জনায় ৷

এতিয়া ৰাজ্যৰ সকলো সমবায় সমিতিৰেই মৃত্যুঘণ্টা বাজি উঠাৰ পিছতো দক্ষতাৰ অভাৱ ঘটা যোগান বিভাগটোৱে কাণসাৰ দিয়া নাই বুলিও অভিযোগ তোলে৷ আনহাতে, একাংশ সুলভ মূল্যৰ দোকানীয়ে গ্রাহকক কম পৰিমাণৰ চাউল যোগান ধৰাৰ অভিযোগ সন্দর্ভত  সম্পাদক আদিত্য ৰাভাই একাংশ দোকানীৰ বিৰুদ্ধে তেনে অভিযোগ থকা বুলি কৈ ব্যৱস্থা গ্রহণ কৰিব বুলিও কয়৷ লকডাউনক লৈ সততে তৎপৰতা আৰু সচেতনতাৰ পৰিচয় দিবলৈ চেষ্টা কৰা চৰকাৰখনে জানি–বুজিয়েই সমবায় সমিতিসমূহৰ শ্মশান যাত্রা আৰম্ভ কৰাইছে নেকি বুলিও সচেতন মহলে প্রশ্ণ কৰিছে৷ সময় থাকোঁতেই ৰজাঘৰীয়াই সু–ব্যৱস্থা গ্রহণ কৰি মৃত্যুৰ দুৱাৰডলিৰ পৰা সমবায় সমিতিসমূহক ওভতাই আনিবলৈ ব্যৱস্থা গ্রহণ কৰিবনে, তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে৷ সংবাদ মেল অনুষ্ঠিত হোৱাৰ পূর্বে উপস্থিত থকা সংবাদকর্মীসকলক একোখনকৈ মাস্ক প্রদান কৰে ৷

You might also like