লকডাউনৰ প্রভাৱত সর্বস্বান্ত পৰিয়ালটোৰ মুৰব্বীৰূপে প্রকাশৰ পিতৃয়ে এতিয়া দিনহাজিৰা কৰি পেট প্রৱর্তাই আছে ৷ কিন্তু প্রত্যেক দিনাই কাম লাভ কৰাটো সম্ভৱ নহয় ৷ সেয়ে দৰিদ্র পিতৃক সহায়ৰ হাত আগবঢ়াবলৈ প্রকাশে ৰঙালাউৰ আগ, ৰঙালাউ, ঢেঁকীয়া শাকৰ মুঠি লৈ বিক্রীৰ বাবে ৰাজপথৰ কাষত বহিবলৈ বাধ্য হৈ পৰিছে ৷ এনেবোৰ শাক–পাচলি বিক্রী কৰা ধনেৰে আৱশ্যকীয় সামগ্রী দুপদ ক্রয় কৰিবলৈ গ্রাহকলৈ বাট চোৱা প্রকাশৰ কালি ভাগ্য সিমান সুপ্রসন্ন নাছিল ৷ দীর্ঘসময় শাককেইমুঠি বিক্রী কৰিব নোৱাৰি দুখত ভাগি পৰা প্রকাশৰ এই ব্যৱসায় চকুত পৰিল বিশ্বনাথৰ কেইবাজনো সাংবাদিকৰ৷ পথৰ কাষত থকা প্রকাশৰ পৰা শাকৰ টোপোলাকেইটা সাংবাদিকে ক্রয় কৰাৰ লগতে শিশুটিক আর্থিক সহায় আগবঢ়ায় ৷ সামাজিক দূৰত্ব বজাই ৰখাৰ স্বার্থত আৰু লকডাউনৰ বাবে শ্রমজীৱী লোকৰ যি বর্ণনাতীত অৱস্থা, এয়া প্রকাশৰ কাহিনীয়েই প্রমাণ কৰিছে ৷ ক’ৰোনাৰ প্রভাৱ দীর্ঘদিন ব্রতী থাকিলে প্রকাশৰ দৰে হাজাৰ হাজাৰ শিশুৰ ভৱিষ্যৎ অনিশ্চিত দিশলৈ যে গতি কৰিব, সেয়া নিশ্চিত ৷
নিয়মীয়া বাৰ্তা, ৫ মে’ : দহৰ ডেওনা পাৰ হোৱাই নাই ৷ ৯ বছৰ হৈছেহে মাথোঁ ৷ পখিলা খেদাৰ বয়স এয়া, নতুবা সমনীয়াৰ লগত ৰং–তুলিকাত ব্যস্ত থকাৰ এয়া সময় ৷ কিন্তু দেশব্যাপী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ জটিল ক্ষণত ধন উপার্জনৰ বাবে নামি পৰিছে প্রকাশ পৌড়েল নামৰ বিশ্বনাথৰ কুঁৱৰী অঞ্চলৰ শিশুটি ৷ ইমান কম বয়সতে প্রকাশে বুজি উঠিছে যে দিনহাজিৰা কৰা পিতৃৰ হাড়ভগা শ্রম লাঘৱ কৰিবলৈ বিচাৰি ল’ব লাগিব উপার্জনৰ বিকল্প পথ ৷ সেয়ে আজিকালি লকডাউনৰ সময়ছোৱাতো ৰাজপথত তৃতীয় শ্রেণীত অধ্যয়নৰত প্রকাশে আৰম্ভ কৰিছে শাক–পাচলিৰ বেহা ৷ অতি দৰিদ্র পৰিয়ালৰ কনিষ্ঠতম সদস্য প্রকাশৰ পিতৃ কর্মসূত্রে তামিলনাডুত ব্যক্তিগত কোম্পানীত নিয়োজিত আছিল ৷ হঠাৎ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ শংকাত কোম্পানী বন্ধ হোৱাত কর্মসংস্থাপনহীন প্রকাশৰ পিতৃ উভতি আহিল নিজা ঘৰলৈ ৷