নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্ক পৰিধান নকৰা ব্যক্তিক সামগ্রী নিদিয়ে দোকানীয়ে

নিয়মীয়া বার্তা, ৫ মে’ : ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণৰ ৰোধ কৰাৰ স্বার্থত সম্প্রতি দেশত তৃতীয় পর্যায়ৰ লকডাউন অব্যাহত আছে যদিও চৰকাৰে নির্ধাৰণ কৰি দিয়া গ্রীন আৰু অ’ৰেঞ্জ জ’নত কিছু শিথিল ব্যৱস্থা কৰিছে চৰকাৰে ৷ ৰেড জ’নক বাদ দি গ্রীন আৰু অ’ৰেঞ্জ জ’নত চৰকাৰে নির্ধাৰণ কৰি দিয়া নীতি–নির্দেশনাৰ মাজেৰে কিছু সংখ্যক ব্যৱসায়ীক প্রতিষ্ঠান খোলাৰ অনুমতি প্রদান কৰাৰ সমান্তৰালভাৱে ৰাইজ তথা গ্রাহকসকলক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে ৷ তাৰে পৰিপ্রেক্ষিতত তিনিচুকীয়া জিলাৰ তালাপ ব্যৱসায়িক সন্থাই চৰকাৰৰ এই সিদ্ধান্তক সন্মান জনাই মাস্ক পৰিধান নকৰা কোনো গ্রাহককে সামগ্রী নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে ৷ কালি তালাপ আৰক্ষী চকীৰ চৌহদত সমাজিক দূৰত্ব বজাই ৰাখি তিনিচুকীয়া জিলা আৰক্ষী প্রশাসনৰ উপ–আৰক্ষী অধীক্ষক সৌমাৰজ্যোতি ভূঞাৰ উপস্থিতিত তালাপ ব্যৱসায়িক সন্থাই আয়োজন কৰা এক বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷ কালিৰ এই সিদ্ধান্ত মর্মে তালাপৰ সমূহ ব্যৱসায়ী তথা দোকানীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে দোকানত সামগ্রী কিনিবলৈ অহা সকলো গ্রাহককে মাস্ক পৰিধান কৰি আহিবলৈ আহ্বন জনাইছে৷ মাস্ক পৰিধান নকৰা কোনো গ্রাহককে সামগ্রী নিদিয়ে বুলি কালি তালাপ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াই জানিবলৈ দিছে৷ তালাপ আৰক্ষী চকী চৌহদত হোৱা কালিৰ বৈঠকত তালাপ ব্যৱসায়িক সন্থাৰ সভাপতি বাবুল বার্মা, তালাপ গাঁও পঞ্চায়তৰ সভাপতি মানৱজ্যোতি সোণোৱাল, তালাপ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া সুমেশ্বৰ বৰাকে ধৰি বহুকেইজন ব্যৱসায়ী উপস্থিত থাকে ।

You might also like