নিয়মীয়া বাৰ্তা, ৫ মে’ : নভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশৰ লগতে ৰাজ্যত তৃতীয় পৰ্যায়ৰ লকডাউন চলি থকা সময়ত আজি বাইহাটা চাৰিআলিৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে দেখুৱালে মহানুভৱতাৰ পৰিচয় । কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ যুৱ কৰ্মী তথা ভাৰতীয় জনতা পাৰ্টী দলৰ এজন সক্ৰিয় কৰ্মী ধনঞ্জয় ডেকাই মঙলবাৰে নিজৰ ওপজা দিনত তেওঁ ব্যতিক্ৰমী ভাৱে পালন কৰে । ৰাজ্যত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউন সময়ত বাইহাটা চাৰিআলি,বেজেৰা, শালমাৰা গাঁৱৰ ঠেলা-ৰিক্সা চালক, শ্ৰমিক ,বিধবা মহিলাসহ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক আলু ,দালি,আটা, মিঠাতেল, বিস্কুট আদি কেইবাবিধো সামগ্ৰী বিতৰণ কৰে । সামগ্ৰী সমূহ বিতৰণ কৰাত বেজেৰা -শালমাৰাত সহযোগ কৰে বিজেপি গুৱাহাটী মহানগৰ জিলা সমিতিৰ সম্পাদক ৰমণী মোহন ডেকা,বেজেৰা মণ্ডল বিজেপি সভাপতি দিলীপ ডেকা আৰু যুৱ কৰ্মী মানৱেন্দ্ৰ ডেকাই । লগতে বাইহাটা চাৰিআলিৰ কেইবাটাও ভাড়াঘৰত থকা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে ।