নিয়মীয়া বাৰ্তা, ৬ মে’ : কৃষকৰ সামগ্ৰিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে সূচনা কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত মৰিগাঁও জিলাত সংঘটিত হোৱা অনিয়মৰ তদন্ত দাবী কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত , সম্পাদক দিপুল কুমাৰ নাথ আৰু আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উৎপল শৰ্মাই জিলা আছুৰ ফালৰ পৰা মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাক এক স্মাৰক পত্ৰ প্ৰদান কৰে । মৰিগাঁও জিলা আছুৱে এই অনিয়মৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ।