নিয়মীয়া বাৰ্তা ৭ মেঃ লকডাউনে নমাই অনা অর্থনৈতিক সংকটৰ মাজতে ৰাজ্যৰ উদ্যোগ খণ্ডৰ বাবে আহিছে এক আশাৰ বতৰা৷ যোৱা সময়ছোৱাত ‘কা’ আন্দোলনৰ বাবে অসমত সৃষ্টি হোৱা অস্থিৰ পৰিৱেশৰ বাবে আৰু শেহতীয়াকৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত বিনিয়োগকাৰীসকলে ৰাজ্যলৈ অহাত অনীহা প্রকাশ কৰাৰ পৰিপ্রেক্ষিতত উদ্যোগ খণ্ডলৈ নামি আহিছিল হতাশা৷ কিন্তু শেহতীয়াকৈ এই হতাশা দূৰ কৰি বিদেশী কেইবাটাও প্রতিষ্ঠানক অসমলৈ অনাৰ প্রচেষ্টা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ বাবে আমেৰিকা, জাপান আৰু দক্ষিণ কোৰিয়াৰ বহুকেইটা উদ্যোগ চীনৰ পৰা তেওঁলোকৰ উৎপাদন কেন্দ্র ভাৰতলৈ স্থানান্তৰ কৰিব বিচাৰিছে৷ মুখ্যতঃ ৰাজ্যৰ অর্থনীতি পুনৰুদ্ধাৰৰ বাবে এনে প্রতিষ্ঠানক অসমতে উৎপাদন কেন্দ্র স্থাপনৰ সুবিধা দিবলৈ আগ্রহ প্রকাশ কৰিছে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ ওচৰত ইতিমধ্যে আবেদন দাখিল কৰিছে৷
এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ বুধবাৰে জনতা ভৱনত এখন সংবাদ মেল আয়োজন কৰি মন্ত্রীগৰাকীয়ে কয় যে চীনৰ পৰা ভাৰতলৈ উৎপাদন কেন্দ্র স্থানান্তৰ কৰিব খোজা প্রতিষ্ঠানসমূহক উদগনি দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে কেন্দ্রীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য প্রসাৰ সঞ্চালকালয় (ডি পি আই আই টি), ইনভেষ্ট ইণ্ডিয়া, জাপান এক্সটার্নেল ট্রেড অর্গেনাইজেচন (জে ই টি আৰ অ’), ইউ এছ ইণ্ডিয়া বিজনেছ কাউঞ্চিল আৰু ইউ এছ চেম্বাৰ অৱ কমার্চৰ লগত আলোচনা আৰম্ভ কৰিছে৷ এই সন্দর্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্রীয় চৰকাৰলৈ এক পত্র প্রেৰণ কৰিছে৷ পত্রত মুখ্যমন্ত্রীয়ে অসমৰ ভৌগোলিক অৱস্থান, প্রাকৃতিক সম্পদৰ প্রাচুর্য, প্রয়োজনীয় আন্তঃগাঁথনি, নির্ভৰযোগ্য যাতায়াত ব্যৱস্থা আদিৰ কথা উল্লেখ কৰি চীনৰ পৰা স্থানান্তৰিত হ’ব খোজা প্রতিষ্ঠানসমূহৰ উৎপাদন কেন্দ্র অসমলৈ অনাৰ বাবে পৰামর্শ দিছে৷ মন্ত্রী পাটোৱাৰীয়ে কয়– উদ্যোগ খণ্ডলৈ এই বিষয়টোৱে নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিছে৷ যদি এই বিদেশী প্রতিষ্ঠানসমূহে উৎপাদন কেন্দ্র অসমলৈ স্থানান্তৰ কৰে, তেন্তে নিশ্চিতভাৱে অসম বিজনেছ হাবত পৰিণত হ’ব৷ সমান্তৰালভাৱে যথেষ্ট পৰিমাণৰ নিয়োগো সৃষ্টি হ’ব৷ মন্ত্রীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে চীনৰ পৰা উৎপাদন কেন্দ্র স্থানান্তৰিত কৰিব বিচৰা প্রতিষ্ঠানসমূহক আকর্ষণ কৰিবলৈ আর্নেষ্ট এণ্ড ইয়ং নামৰ এক প্রতিষ্ঠানক প্রয়োজনীয় নীতি প্রস্তুত কৰাৰ দায়িত্ব দিয়া হৈছে৷
আনহাতে, উদ্যোগ আৰু বাণিজ্য বিভাগে জাপানৰ উদ্যোগত বিনিয়োগ আকর্ষণ কৰিবৰ বাবে আৰু অসমত এখন জাপানী ঔদ্যোগিক নগৰ (জাপানিজ ইণ্ডাষ্ট্রিয়েল টাউনশ্বিপ) স্থাপনৰ কাৰণে ডি পি আই আই টি আৰু অ’ ই টি আৰ অ’ৰ সৈতে যোগাযোগ কৰি থকা বুলিও মন্ত্রীগৰাকীয়ে প্রকাশ কৰে৷ ইফালে, লকডাউনৰ ফলত অসমৰ চাহ উদ্যোগ ব্যাপক লোকচানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি মন্ত্রী পাটোৱাৰীয়ে কয় যে বাগিচাৰ পাত তোলাৰ সময়তে আৰম্ভ লকডাউনৰ ফলত অসমৰ চাহ উদ্যোগে ৬০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে৷ দেশত এই লোকচানৰ পৰিমাণ প্রায় ১০০০ কোটি টকা৷ মন্ত্রী পাটোৱাৰীয়ে কয়– ২০১৯ চনত দেশৰ চাহ উৎপাদনৰ মুঠ পৰিমাণ আছিল ১,৩৮৯.৭০ নিযুত কিলোগ্রাম৷ এই সময়ছোৱাত অসমৰ চাহৰ উৎপাদন আছিল ৭১৫.৪৯ নিযুত কিলোগ্রাম৷ অর্থাৎ অসমত উৎপাদিত চাহ আছিল দেশৰ মুঠ উৎপাদনৰ ৫১.৫১ শতাংশ৷ কিন্তু লকডাউনৰ বাবে ৰাজ্যৰ ডাঙৰ আৰু ক্ষুদ্র চাহ বাগিচাৰ মুঠ চাহৰ উৎপাদন প্রায় ৩২ নিযুত কিলোগ্রাম হ্রাস পালে৷ ফলত প্রায় ৬০০ কোটি টকাৰো অধিক পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ব লগা হৈছে অসমৰ চাহ উদ্যোগ৷ এই লোকচানৰ বাবে অসম চৰকাৰে লকডাউনৰ সময়ছোৱাত বন্ধ থকা চাহ বাগিচাসমূহত যোগান ধৰা প্রাকৃতিক গেছৰ নূ্যনতম নির্ধাৰিত মূল্য ৰেহাইৰ কথা ঘোষণা কৰাৰ কথাও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ তেওঁ ইয়াকো কয় যে অসম চাহ নিগমৰ অধীনত মুঠ ১৫খন চাহ বাগিচাক পূর্ণগতিত চাহ উৎপাদন আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছে৷ তদুপৰি এ টি চি এলৰ অধীনৰ ১৬,৭২০ কর্মচাৰীক লকডাউনৰ সময়ছোৱাত সম্পূর্ণ পাৰিশ্রমিক আদায় দিয়া হৈছে৷ ইফালে, লকডাউনৰ শিথিলতাৰ পাছত এতিয়া ৮২০টা উদ্যোগৰ কাম–কাজ চলি থকাৰ কথা উল্লেখ কৰি পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে এই উদ্যোগসমূহৰ ২৮,০২৭গৰাকী কর্মচাৰীয়ে কাম কৰি আছে৷ আনহাতে, ৰাজ্যৰ ৭৮৩খন ডাঙৰ চাহ বাগিচা আৰু ১.১৮ লাখখন ক্ষুদ্র চাহ বাগিচাতো কাম আৰম্ভ কৰা হৈছে৷