নিয়মীয়া বাৰ্তা, ৮মেঃ COVID-19ত আক্ৰান্ত গুৱাহাটীৰ ৪জনকৈ লোক। ইয়াৰে এজন আক্ৰান্ত GMCHৰ চিকিৎসক ছাত্ৰ। ইয়াৰ পাছতে GMCHত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। GMCHৰ ১ আৰু ৫নং হোষ্টেলত উপস্থিত হৈ ছাত্ৰসকলৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। দুয়োটা হোষ্টেল কণ্টেনমেইণ্ট জ’ন বিচাপে ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ। হোষ্টেলৰ আন ছাত্ৰসকলকো কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে পৰৱৰ্তী কিছু দিনৰ বাবে নতুন ৰোগীসকলৰ বাবে বন্ধ কৰা হৈছে GMCH। আনহাতে চিকিৎসক ছাত্ৰজনৰ সংস্পৰ্শলৈ অহা লোকসকলক স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে GMCHৰ অধ্যক্ষ ৰমেন তালুকদাৰসহ আৰু এগৰাকী চিকিৎসকক কোৱাৰেণ্টাইনৰ ৰখা হৈছে।
চিকিৎসাধীন আন ৰোগীসকলৰ চিন্তাৰ কোনো কাৰণ নাই। সুৰক্ষিত অৱস্থাত আছে আন ৰোগীসকল। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।