নিয়মীয়া বাৰ্তা ৭ মেঃ নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ নুমলীগড় চাহ বাগিচাত বৃহস্পতিবাৰে এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয়। বন বিভাগে জনোৱা মতে,বৃহস্পতিবাৰে পুৱা ৯-৩০ মান বজাত নুমলীগড় চাহ বাগিচাৰ ৪০ নং চেকছনত একাংশ লোকে পাত চিঙি থকাৰ সময়ত এটা প্ৰকাণ্ড অজগৰ সাপ প্রত্যক্ষ কৰে। ইয়াৰ পাছতে বাগিচাখনত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় সচেতন লোকে ততাতৈয়াকৈ নুমলীগড় খণ্ড বন কাৰ্য্যালয়ত খবৰ দিয়ে। কিছু সময়ৰ পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ১৫ ফুট দীঘল অজগৰটো উদ্ধাৰ কৰে আৰু দেওপাহাৰ বনাঞ্চলত মুকলি কৰি দিয়ে।
উল্লেখ্য যে দেওপাহৰৰ পাদ দেশত অৱস্থিত নুমলীগড় চাহ বাগিচাৰ পৰা বিগত সময়ছোৱাত বহুতো অজগৰকে আদি কৰি অন্যান্য বন্যপ্ৰাণী উদ্ধাৰ হৈ আহিছে। ইপিনে, ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱাৰ সময়ছোৱাত বহুতো হৰিণ, বাঘ আদি প্ৰাণীৰো মৃত্যু হৈ আহিছে। কিন্তু বছৰ বছৰ ধৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল দেওপাহাৰে পূৰ্ণ পৰ্যায়ৰ সংৰক্ষিত বনাঞ্চলৰ মৰ্য্যদা নাপালে। ইয়াৰ ফলশ্ৰুতিত বনাঞ্চলখন বেদখলৰ কৱলত পৰি সংকুচিত হৈ অহাৰ ফলতেই বন্যপ্ৰাণী কুলে নিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰাৰ প্ৰকৃতিপ্ৰেমী মহলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।