নিয়মীয়া বাৰ্তা, ৮ মেঃ লক ডাউনৰ মাজতে মুম্বাইৰ পৰা অসমলৈ আহিছে ১৩২জন কৰ্কট ৰোগীসহ আত্মীয়। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু মুম্বাইৰ অসম ভৱনৰ আৱাসিত আয়ুক্ত দেৱাশিষ শৰ্মাৰ নেতৃত্বত আহিছে দলটো। অনা হৈছে লোকসকলক। ইতিমধ্যে ৬ খন শ্লিপাৰ বাছেৰে আহিছে যাত্ৰীসকল। এইলোকসকলৰ বাবে খাদ্যৰ যোগান ধৰিছে মুম্বাইৰআৱাসী হৃদয়বান অসমীয়াই। বিগত ডেৰ মাহে চিকিৎসাৰ বাবে যোৱা ৰোগীসকলৰ লগতে আত্মীয়সকল আৱদ্ধ হৈ আছিল। ৩ৰাতি ৪দিনৰ মূৰত অসম পাবহি এইসকল লোক।
আজিৰে পৰা আৰম্ভ হয় এই লোকসকলৰ যাত্ৰা। গুৱাহাটীৰ কেইবাখনো হোটেলত কোৱাৰেণ্টাইন কৰা হ’ব এই লোকসকলক। যাত্ৰাৰ সময়ত সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনালে আৱাসিক আয়ুক্তগৰাকীয়ে লগতে যাৱতীয় কিছু সামগ্ৰীও লগত ৰাখিবলৈ অনুৰোধ জনায়।