নিয়মীয়া বাৰ্তা, ৮ মে’ : কামৰূপৰ মদনপুৰত ভাৰতীয়া এগৰাকীৰ গাত ক’ভিড -১৯ৰ উপস্থিতি ধৰা পৰাত গ্ৰাম্য অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে । দেৱৰাজ আচাৰ্য নামৰ ব্যক্তি গৰাকী মদনপুৰৰ টাটা কনজিউমাৰ প্ৰডাক্ট প্ৰাইভেট লিমিটেড কৰ্মচাৰী আছিল । ৬ এপ্ৰিলত শিলিগুড়িৰ দুই বন্ধুৰ সৈতে অসমলৈ আহিছিল । অসমত প্ৰৱেশ কৰা সময়ত শ্ৰীৰামপুৰৰ পৰা সৰুসজাইলৈ লৈ আনিছিল আচাৰ্যক । সৰুসজাইত নমুনা পৰীক্ষাৰ কৰাৰ পিছত পুনৰ হোম কোৱাৰেন্টাইনত থকাৰ পৰামৰ্শ দিছিল চিকিৎসকে । নিশা ১-৩০ বজাত দেৱৰাজ দুই বন্ধুৰ সৈতে মদনপুৰৰ এই ঘৰটোলৈ আহে । দিনটো মদনপুৰত থকাৰ পিছত ৭ মে’ৰ নিশা ১০-৩০ বজাত পুনৰ চিকিৎসকৰ দলে মহেন্দ্ৰমোহন চৌধুৰী হাস্পতাললৈ দেৱৰাজক (দেহত কোভিড -১৯ ধৰা পৰাত )প্ৰেৰণ কৰে । অন্য দুজন বন্ধু গৌতম মিশ্ৰ আৰু বিতু গোপেক শিঙিমাৰীৰ মডেল হাস্পতালৰ Isolation Ward লৈ প্ৰেৰণ কৰে । শুকুৰবাৰে স্থানীয় প্ৰশাসনে ঘৰটোত ভাৰতীয় হিচাপে থকা অন্য ৮টা পৰিয়ালক Isolation Ward লৈ প্ৰেৰণ কৰে । প্ৰশাসনে ঘৰটো ছিল কৰাৰ লগতে তিনি কিলোমিটাৰ ব্যাসাৰ্ধত Containment zone হিচাপে ঘোষণা কৰে ।