নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীতি-নিয়ম অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ বিশ্বনাথ প্ৰশাসন

বাইকত দুজন উঠা, মাস্ক নিপিন্ধা ব্যক্তিয়েও ভৰিলে জৰিমনা

নিয়মীয়া বাৰ্তা, ৮ মে’ : মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানলৈ আহি লকডাউন ভংগ কৰা বহুকেইজন লোককে বিশ্বনাথ জিলা প্ৰশাসনে শুকুৰবাৰে জৰিমনা বিহিলে । ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল । আনকি বৃহস্পতিবাৰৰে পৰা মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানলৈ আহিলে তেনে লোকক পাঁচশ টকাকৈ জৰিমনা বিহিবলৈ চৰকাৰে নিৰ্দেশ জাৰি কৰিছে যদিও এনে নিৰ্দেশ অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে বিশ্বনাথত চলিল আচম্বিতে প্ৰশাসনৰ অভিযান । মাস্ক পৰিধান নকৰি চৰকাৰী নিৰ্দেশ অমান্য কৰা এই লোক সকলক পাচঁশ টকাকৈ জৰিমনা বিহাৰ লগতে ভৱিষ্যতে এনে নিৰ্দেশনা উলংঘা কৰিলে তেনে লোকৰ বিৰুদ্ধে এপিডেমিক ডিজিজ এক্ট ২০০৫ৰ অধীনত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও সকীয়নি দিয়ে ।

একেদৰে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত চৰকাৰী নিৰ্দেশ উলংঘা কৰা বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰে বিশ্বনাথ জিলা প্ৰশাসনে । বিশ্বনাথৰ কাৰ্যবাহী দণ্ডাধীশ তথা চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াৰ নেতৃত্বত বিশ্বনাথ আৰক্ষী আৰু বিশ্বনাথ চাৰিআলি পৌৰসভাৰ বিষয়ববীয়াই পৌৰসভাৰ অন্তৰ্গত চৰকাৰী নিৰ্দেশ উলংঘা কৰা বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক জৰিমনা বিহাৰ লগতে ভৱিষ্যতে এনে দৰে আইন উলংঘা কৰিলে তেনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হ’ব বুলি সকীয়াই দিছে । ইফালে দুচকীয়া বাহনত দুজনকৈ ব্যক্তি উঠি অহা ব্যক্তিৰ বিৰুদ্ধেও কঠোৰ হয় প্ৰশাসন । জিলাখনত লকডাউনৰ সময়ত এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো এনে নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি দুজনকৈ উঠি অহা কাৰ্যৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হ’ল । তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাতো চৰকাৰী নিৰ্দেশ আখৰে আখৰে পালন কৰিবলৈ জিলা প্ৰশাসনে বাৰম্বাৰ আহ্বান জনায় আহিছে ।

উল্লেখ্য যে, তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ সময়ত বিশ্বনাথ চাৰিআলি পৌৰ সভা এলেকাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছিল বিশ্বনাথ জিলা প্ৰশাসনে । কিন্তু পদপথতে হওক বা স্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক, একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে নিজ খেয়ালখুচি মতে দোকান খোলাৰ বিৰুদ্ধে আজি এনেদৰে অভিযান চলালে জিলা প্ৰশাসনে । মাৰাত্মক ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে চৰকাৰী নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব বুলি জিলা প্ৰশাসনে সকীয়নি দিছে ।

You might also like