নিয়মীয়া বাৰ্তা, ৯ মে’ : বাইহাটা চাৰিআলি থানা আজি নিমাওমাও । কাৰণ সকলোৰে আপোন গগণ মেজৰ আৰু কেতিয়াও নাহে ৰাইজক সুৰক্ষা দিবলৈ । বাইহাটা চাৰিআলি থানাত কৰ্মৰত আৰক্ষী গগণ মেজৰৰ এক দুৰ্ঘটনাত মৃত্যু হয় । AS-28-C-7427 ব’লেৰ পিকআপ ভানে ক্ষুদ্র পলহাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত খুন্দিওৱাৰ পাচতেই দিছপুৰস্থিত পলিক্লিনিকত ভৰ্তি কৰোৱা হয় গগণ মেজৰক । শুকুৰবাৰে দিনৰ প্ৰায় ১২-৩০ বজাত দিছপুৰ পলিক্লিনিকতে মৃত্যুক সাৱটি লয় গগণ দাসে । শনিবাৰে বাইহাটা চাৰিআলি থানালৈ গগণ দাসৰ নশ্বৰ দেহ লৈ অহাৰ পাচতেই পুষ্পাঞ্জলি অৰ্পণেৰে শেষ শ্ৰদ্ধা নিবেদন কৰে প্ৰতিজন সতীৰ্থই । বাইহাটা চাৰিআলিৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ৰূপম হাজৰিকাই কয় যে গগণ দাস এজন সত আৰু নিষ্ঠাবান কৰ্মী আছিল যাৰ বাবে দাসক হেৰুৱাই বাইহাটা চাৰিআলি থানা আজি শোকাস্তব্ধ ।