নিয়মীয়া বাৰ্তা, ৯ মে’ : ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বলবৎ কৰা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়তে সোণাৰি চাপৰি অঞ্চলৰ এগৰাকী যুৱতীক লৈ সৃষ্টি হোৱা ৩৬ ঘণ্টীয়া ভয় আৰু আতংকময় পৰিৱেশৰ অন্ত পৰিল যদিও বৰ্তমানেও শংকিত সমগ্ৰ অঞ্চলবাসী ৷ ঘটনাৰ বিৱৰণী মতে সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ঢোলপেটা গাঁওৰ শিক্ষক বিনোদ গোহাঁইৰ কন্যা ৰুমাই গুৱাহাটীৰ হেঙেৰাবাৰীত থকা মোমায়েকৰ ঘৰলৈ যোৱাৰ পিছতে লকডাউনত আবদ্ধ হৈ পৰে ৷ পিছত যোৱা ২৬ এপ্ৰিলত স্বাস্থ্য পৰীক্ষা কৰাই গুৱাহাটীৰ পৰা আহি ২৭ এপ্ৰিলত নিজ গৃহত উপস্থিত হোৱা ৰুমাক চিকিৎসকে নিজ গৃহতেে আবদ্ধ হৈ থকাৰ পৰামৰ্শ দিয়ে যদিও ৰুমাই চিকিৎসকৰ পৰামৰ্শ অৱজ্ঞা কৰি মুকলিকৈ ঘূৰি ফুৰে বুলি জানিব পৰা গৈছে ৷
ইয়াৰ মাজতে যুৱতী গৰাকীৰ কাঁহ পানীলগা জ্বৰ হয় যদিও আৰোগ্য লাভ কৰে । গুৱাহাটী আৰু লখিমপুৰৰ পৰা চিকিৎসকে ফোন কৰাত সামান্য জ্বৰ কাঁহ হোৱা বুলি জানিবলৈ দিয়াত চিকিৎসকৰ দল আহি যোৱা ৭ মে’ত যুৱতী গৰাকীক মাকৰ হৈতে লখিমপুৰলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগেই অঞ্চলটোত আতংকময় পৰিৱেশ সৃষ্টি হয় ৷ লখিমপুৰৰ চিকিৎসালয়ত সকলো পৰীক্ষা নিৰীক্ষা কৰি তেজৰ নমুনা ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু আজি ডিব্ৰুগড়ৰ পৰা অহা যুৱতী গৰাকীৰ তেজ পৰীক্ষাৰ ফলাফলত ক’ভিড-১৯ নিগেটিভ পোৱা বুলি জানিব পৰাত ৩৬ ঘণ্টীয়া শ্বাসৰুদ্ধ পৰিৱেশৰ অন্তত অঞ্চলটোলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহে যদিও শংকা আঁতৰা নাই ৷ সম্প্ৰতি যুৱতীগৰাকীক পুনৰ ১৪ দিনৰ বাবে নিজ গৃহতে আবদ্ধ হৈ থাকিবলৈ নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে ৷
উল্লেখ্য যে, যুৱতী গৰাকীয়ে গুৱাহাটীৰ পৰা অহা আৰু হাতত ষ্টাম্প মৰাৰ বিষয়ে স্বানীয় চিকিৎসালয়ত জনোৱা নাছিল ।