নিয়মীয়া বাৰ্তা, ১০ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে দেশত লকডাউন চলি থকাৰ ফলত কর্মহীন হৈ পৰা এজন লোকে শুকুৰবাৰে আত্মহত্যা কৰে ৷ কোকৰাঝাৰ জিলাৰ চিথিলা পহৰাদাৰী চকীৰ অন্তর্গত বাশবাৰী গাঁৱৰ ভগীৰথ বর্মন (৫৮) নামৰ লোকজনে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ প্রাপ্ত খবৰ অনুসৰি দেশত লকডাউন চলি থকাৰ বাবে ভগীৰথ বর্মন কর্মহীন হৈ পৰে আৰু তিনিজনীয়া পৰিয়ালটো পোহপাল দিব নোৱাৰি হতাশাত ভোগে ৷ শনিবাৰে পুৱা এজোপা আমগছত চিপ লৈ থকা অৱস্থাত তেওঁক স্থানীয় মানুহে প্রত্যক্ষ কৰে ৷ পাছত চিথিলা আৰক্ষীয়ে উদ্ধাৰ কৰি মৃতদেহটো কোকৰাঝাৰলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে ৷