নিয়মীয়া বার্তা, ১০ মে’ : চিৰাং জিলাৰ বিজনীৰ ২নং বিষ্ণুপুৰ বজাৰত শনিবাৰে অসম আৰক্ষীৰ ব্লেককমাণ্ডোৱে চাইকেলত খোৱা সামগ্রী বিক্রী কৰা এজন ফেৰীৱালাক লাঠীৰে কোবাই বাঁওহাতখন ভাঙি দিয়ে ৷ আৰক্ষীৰ নির্যাতনৰ বলি হোৱা ফেৰীৱালাজন হ’ল বিজনীৰ ৩নং বিষ্ণুপুৰ নিৱাসী ৪২ বছৰীয়া পৰিতোষ সৰকাৰ ৷ ফেৰীৱালাগৰাকীয়ে চাইকেলৰ জৰিয়তে ২নং বিষ্ণুপুৰ বজাৰত নিমকি, পৰঠা আদি খোৱা সামগ্রী বিক্রী কৰি থাকোঁতে আৰক্ষীৰ ৰোষত পৰে ৷ লকডাউনৰ পূর্বে ফেৰীৱালাগৰাকীয়ে বজাৰে বজাৰে নিমকি, মিঠাই আদি খোৱা সামগ্রীৰ দোকান দিছিল ৷ কিন্তু লকডাউন চলি থকাৰ বাবে বন্ধ হৈ আছে সকলো হাট–বজাৰ ৷ ফলত ক্ষুদ্র ব্যৱসায়ী পৰিতোষ সৰকাৰে চাইকেলৰ জৰিয়তে সামগ্রী বিক্রী কৰে ৷ শনিবাৰে উক্ত বজাৰখনত টহল দিবলৈ যোৱা পাণবাৰী থানাৰ ব্লেককমাণ্ডো পৰিতোষ সৰকাৰক প্রহাৰ কৰে ৷ পৰিয়ালৰ লোকে তেওঁক ২নং বিষ্ণুপুৰ প্রাথমিক স্বাস্থ্য কেন্দ্রত ভর্তি কৰোৱায় ৷