নিয়মীয়া বাৰ্তা, ১০ মে’ : যোৱা ৪ মে’ৰ সন্ধিয়া প্রায় ৮.৩০ বজাত নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তর্গত বাটসৰৰ দুর্গা মন্দিৰৰ ভিতৰত সংঘটিত লোমহর্ষক হত্যাকাণ্ডক লৈ চলা শ্বাসৰুদ্ধকৰ নাটকৰ আজিও নপৰিল যৱনিকা ৷ শুকুৰবাৰে নাটকীয়ভাৱে মৃতদেহৰ সন্ধান ওলোৱা বুলি সর্বত্রতে যি হৈ–চৈৰ সৃষ্টি হৈছিল পৰৱর্তী সময়ত তাৰ ওলোটা ছবিহে পৰিস্ফূট হ’ল ৷ এই লৈ বেলশৰ আৰক্ষীও বিভ্রান্তিত পৰিব লগা হয় ৷ উল্লেখ্য যে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মর্গত থকা তিনিটা সন্তানৰ মাতৃগৰাকীৰ মৃতদেহটি প্রত্যক্ষ কৰি জিলাখনৰ বামুনবড়িৰ মাজেদ আলীৰ কন্যা ৰুমী বেগম (২৮) বুলি মাতৃগৃহৰ পৰিয়ালে দাবী কৰে ৷ সেইমর্মে বেলশৰ থানাৰ আৰক্ষীয়ে নতুন গতিৰে হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰাৰ সময়তে নিশাৰ ভাগত ওলাই পৰিল উৰহী গছৰ ওৰ ৷
বিগত ১৩ বছৰ পূর্বে ৰুমীয়ে বিয়া হোৱা দৰং জিলাৰ ছিপাঝাৰ থানাৰ অন্তর্গত ডুমুনীচকীৰ ৰুমীৰ স্বামী চাদেৰ আলীৰ সন্ধানত নামি পৰে আৰক্ষী ৷ পিছত চাদেৰক সোধ–পোছৰ বাবে আটক কৰাৰ পিছতেই পুৱতিনিশা কামৰূপ জিলাৰ মান্দাকাটাৰ এটা ভাড়াঘৰৰ পৰা এজন যুৱকৰ স’তে ৰুমীক উদ্ধাৰ কৰাৰ পিছতেই সমগ্র ঘটনাৰ ৰূপ সম্পূর্ণৰূপে সলনি হৈ পৰে ৷ এইজনী ৰুমীয়েই চাদেৰৰ পত্নী আৰু মৃতদেহটোৰ লগত ৰুমী–চাদেৰ পৰিয়ালৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট হোৱাত অৱশেষত শনিবাৰে আটাইকেইগৰাকীক বেলশৰ আৰক্ষীয় ঘৰলৈ যাবলৈ দিয়ে ৷ ইপিনে, গাড়ীৰ চালক হিচাপে কর্মৰত চাদেৰ আলীৰ পত্নী ৰুমী যোৱা ৩ মে’ৰ পৰা সন্ধানহীন হৈ থাকে যদিও লক্ষণীয়ভাৱে স্বামীগৃহৰ পৰিয়ালে বিচাৰ–খোচাৰ কৰা নাছিল ৷ এইখিনিতে ঘটনা শেষ যদিও যোৱা ৪ মে’ৰ বাটসৰৰ দুর্গা মন্দিৰৰ ভিতৰত ডিঙি কটা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো কাৰ ৷ এই লৈ বেলশৰ আৰক্ষী বিবুধিত পৰিছে ৷ উক্ত লোমহর্ষক হত্যাকাণ্ড সন্দর্ভত বেলশৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৩৬/২০২০ নম্বৰত এটি নিজাববীয়াকৈ গোচৰ ৰুজু কৰি হত্যাকাৰীক কৰায়ত্ত কৰাৰ বাবে ব্যাপক অভিযান আৰম্ভ কৰে যদিও হত্যাকাণ্ডৰ ক্লু উলিওৱাত একপ্রকাৰ ব্যর্থ হৈ পৰে ৷ যুৱতীজনীক ক’ৰ পৰা আনি উক্ত ঠাই টুকুৰাত পৰিকল্পিতভাৱে ঘাতকে হত্যা কৰি থৈ গ’ল এই লৈ স্থানীয় ৰাইজৰ লগতে বেলশৰ আৰক্ষীকো চিন্তিত কৰি তোলে ৷ ইপিনে, বাটসৰৰ দুর্গা মন্দিৰত কেনেকৈ হ’ল চাঞ্চল্যকৰ হত্যাকাণ্ডটি ? এই লৈও ৰহস্য ঘনীভূত হৈ পৰিছে ৷ আনহাতে অচিনাক্ত মৃতদেহটি মর্গত থকাৰ সময় ৭২ ঘণ্টা অতিক্রম হোৱাৰ পিছত শনিবাৰে বেলশৰ আৰক্ষীয়ে আইনী প্রক্রিয়াৰ মাজেৰে কবৰস্থ কৰে ৷