নিয়মীয়া বাৰ্তা, ১০ মে’ : তেজপুৰ ডি আৰ এলত শীঘ্রেই আৰম্ভ হ’ব ক’ভিড–১৯ৰ পৰীক্ষা ৷ দেশ তথা ৰাজ্যত ক’ৰোনাৰ সংক্রমণ আৰম্ভ হোৱাৰ পিছতেই তেজপুৰৰ প্রতিৰক্ষা গৱেষণাগাৰৰ সঞ্চালক ড০ এছ কে দ্বিবেদীয়ে ইয়াত নমুনা পৰীক্ষাৰ বাবে থকা সুবিধাৰ বিষয়ে প্রকাশ কৰিছিল আৰু দেশৰ এনে সংকটৰ সময়ত গৱেষণাগাৰে সহযোগিতা আগবঢ়াবলৈ সাজু বুলিও জানিবলৈ দিছিল ৷ এই গৱেষণাগাৰত সন্দেহজনক লোকৰ সংগৃহীত নমুনা পৰীক্ষা কৰা হ’ব বুলি মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীয়ে গুৱাহাটীত কৰা ঘোষণাৰ পাছতেই ইয়াৰ বাবে সাজু হৈছে প্রতিষ্ঠানটো ৷ উল্লেখ্য যে দেশৰ বিভিন্ন প্রান্তৰ পৰা অসমলৈ উভতি অহা ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ লোকসকলৰ কাৰণে তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা ক’ভিড ১৯ পর্যবেক্ষণ কেন্দ্রলৈ বর্তমানলৈকে ৭৭ গৰাকী লোক আহিছে ৷ ইয়াৰে ৰেড জ’ন হিচাপে চিহ্নিত ৰাজ্যৰ পৰা অহা লোকৰ নমুনা লোৱা হ’ব আৰু পৰীক্ষাৰ প্রতিবেদন নহাপর্যন্ত তেওঁলোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কোৱাৰেণ্টাইনত ৰখা হৈছে ৷