নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হস্ততাঁত–বস্ত্র বিভাগত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰি গোপনে নিযুক্তিৰ চক্রান্ত

ন্যায় বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ শিপিনী–শিক্ষক পদৰ ক্ষুব্ধ প্রার্থী

নিয়মীয়া বাৰ্তা, ১৫ মে’ : ৰাজ্যৰ হস্ততাঁত–বস্ত্র বিভাগত খালী হৈ থকা শিপিনী শিক্ষক পদৰ বাবে সাত মাহ পূর্বে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈয়ে কেইগৰাকীমান প্রার্থীক অতি গোপনভাৱে নিযুক্তি দিব বিচৰা কার্যত ক্ষুব্ধ হৈ পৰিছে একাংশ প্রার্থী ৷ উল্লেখ্য যে অসম চৰকাৰ হস্ততাঁত–বস্ত্র বিভাগে বিভাগটোত খালী হৈ থকা ছটা শিপিনী পদৰ নিযুক্তিৰ বাবে ২০১৯বর্ষৰ ২৩ জুলাইত এটি বিজ্ঞাপন প্রকাশ কৰিছিল ৷ বিজ্ঞাপনত উক্ত পদৰ বাবে অতি কমেও দহ বছৰৰ অভিজ্ঞতাবাঞ্ছনীয় বুলিও উল্লেখ কৰিছিল ৷ সেই মর্মে ১০৬গৰাকী প্রার্থীয়ে শিপিনী শিক্ষক পদৰ বাবে আবেদন কৰে ৷ ২০১৯বর্ষৰ ২০অক্টোবৰত উক্ত পদৰ বাবে আবেদন কৰা প্রার্থীসকলৰ মাজত লিখিত পৰীক্ষা অনুষ্ঠিত হয় যদিও লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈয়ে ২৩ আৰু২৪ অক্টোবৰত একাংশ প্রার্থীৰ মৌখিক আৰু কাৰিকৰী পৰীক্ষা সম্পন্ন কৰি বিভাগৰ একাংশ বিষয়াৰ পছন্দৰ প্রার্থীক গোপনে নিযুক্তি দিব বিচৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত প্রার্থীয়ে ৷

অভিযোগ উঠামতে নিযুক্তিৰ বাবে নির্বাচিত হোৱা কেইবাজনো প্রার্থীৰ (বিভাগটোৱে বিজ্ঞাপনত বিচৰা ধৰণে) যোগ্যতাই নাই ৷ তেনেস্থলত কি যুক্তিত নিযুক্তি দিব বিচাৰিছে ইয়াক লৈ প্রশ্ন উত্থাপন হৈছে ৷ বিষয়টোৰ ন্যায় বিচাৰি একাংশ প্রার্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০২০বর্ষৰ ১৭ ফ্রেব্রুৱাৰীত ৪৮২৯৮৩ নম্বৰ আবেদন মর্মে এটি গোচৰ ৰুজু কৰি বিভাগটোৱে নিযুক্তিৰ ক্ষেত্রত কৰিব বিচৰা অনিয়ম সন্দর্ভত একাংশ প্রার্থীয়ে ন্যায়ালয়ক অৱগত কৰে৷ বর্তমান ন্যায়ালয়ত গোচৰটো চলি আছে যদিও আইনৰ সুৰুঙা লৈ যাতে নিযুক্তি প্রক্রিয়া সমাপ্ত কৰিব নোৱাৰে তাৰ বাবে বিগটোক যাৱতীয় নির্দেশ প্রেৰণ কৰিবলৈ ন্যায়ালয়ক ভুক্তভোগী প্রার্থীসকলে অনুৰোধ জনাইছে ৷

You might also like