চেন্নাইৰ অসম ভৱনত আৱদ্ধ ৬ সহস্ৰাধিক শ্ৰমিক
নিয়মীয়া বাৰ্তা, ১৫ মেঃ লক ডাউনৰ বাবে সম্প্ৰতি চেন্নাইৰ অসম ভৱনত আবদ্ধ হৈ আছে ৬ সহস্ৰাধিক শ্ৰমিক। চেন্নাইৰ বিভিন্ন কোম্পানীত শ্ৰমিক হিচাপে কাম কৰি আছিল এই লোকসকলে। কিন্তু লক ডাউনৰ বাবে বন্ধ হৈ আছে কোম্পানীসমূহৰ কাম-কাজ, বিগত প্ৰায় দুমাহে শ্ৰমহীন হৈ পৰা শ্ৰমিক সকলক ভাড়াঘৰৰ পৰাও উলিয়াই দিছে মালিকে।
শেষত উপায়ন্তৰ হৈ অসম ভৱনত আশ্ৰয় লৈছেহি শ্ৰমিকসকলে। আনহাতে প্ৰায় ৬ হাজাৰ শ্ৰমিকক শীঘ্ৰে ৰাজ্যলৈ ঘূৰাই আনিবলৈ অনুৰোধ কৰিছে লোকসকলে। সন্তানসহ পদপথতেই পৰি ৰৈছে একাংশ লোক।