নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লেৰে গুৱাহাটীত উপস্থিত হোৱা যাত্ৰীক তেজপুৰলৈ কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ১৬ মেঃ গুৱাহাটী ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰে নমা যাত্ৰীসকলক তেজপুৰলৈ নিয়াৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় এখন বাছ। মহানগৰীৰ উলুবাৰী উৰণীয়া সেতুৰ ওপৰৰ ডিভাইদাৰত খুন্দা মাৰে বাছখনে। বাছখনত আছিল তেজপুৰলৈ যোৱা ৩৬জন যাত্ৰী। ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় প্ৰশাসনৰ লোক আৰু যাত্ৰীসকলক অন্য এখন বাছেৰে তেজপুৰলৈ যোৱা ব্যৱস্থা কৰে। আনহাতে দুৰ্ঘটনাত আহত হোৱা নাই কোনো লোক।

You might also like