সঞ্জীৱ বৰকাকতিৰ প্রবন্ধ নাই হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত
শংকৰদেৱক লৈ অধ্যাপকৰ মিথ্যাচাৰত লজ্জানত ৰাজ্য
নিয়মীয়া বাৰ্তা, ১৬ মে’ : বিদেশত অসম সন্তানৰ সাফল্যই যিদৰে প্রতিগৰাকী অসমবাসীক গৌৰৱান্বিত কৰে, তেনেদৰে বহু লোকৰ অবাঞ্ছিত কার্যকলাপে ৰাজ্যৰ নাগৰিকসকলক লজ্জানতও কৰে ৷ তেনে এক ঘটনাই এতিয়া অসমৰ বিদ্বৎ মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পঢ়ুৱৈসকলৰ নিশ্চয় মনত আছে যে কিছুদিন পূর্বে এগৰাকী অসমীয়া অধ্যাপকৰ কৃতিত্বই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ ড০ সঞ্জীৱ কুমাৰ বৰকাকতি নামৰ অধ্যাপকগৰাকীৰ শংকৰদেৱ বিষয়ক প্রবন্ধ এটা ঐতিহ্যমণ্ডিত হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত অন্তর্ভুক্ত হোৱাৰ বাতৰি আঞ্চলিক আৰু ৰাষ্ট্রীয় সংবাদ মাধ্যমত শেহতীয়াকৈ প্রকাশ পাইছিল ৷ স্বাভাৱিকতে অসমৰ শৈক্ষিক সমাজ, বিদ্বৎ মহলৰ বাবে এয়া আছিল এক নতুন আশাৰ বতৰা ৷
কিন্তু শেহতীয়াকৈ অধ্যাপকগৰাকীৰ এই দাবী ভুৱা প্রতিপন্ন হৈছে ‘দ্য ক্রছকাৰেণ্ট’ নামৰ ৱেব প’র্টেল এটাৰ অনুসন্ধানত ৷ শুকুৰবাৰে ৱেব প’র্টেলটোত প্রকাশিত এটা বাতৰিত কোৱা হৈছে যে ড০ সঞ্জীৱ বৰকাকতিৰ প্রবন্ধই হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত স্থান পোৱাৰ বাতৰি প্রকাশৰ পাছত জ্যোতির্ময় তালুকদাৰ নামৰ অশোকা বিশ্ববিদ্যালয়ৰ এগৰাকী ছিনিয়ৰ ৰাইটিং ফেল’ৱে ড০ বৰকাকতিৰ লগত যোগাযোগ কৰে ৷ তেতিয়া অধ্যাপকগৰাকীয়ে জ্যোতির্ময় তালুকদাৰলৈ তেওঁৰ প্রবন্ধটোৰ এটা লিংক প্রদান কৰে ৷ তালুকদাৰে এই লিংকটোত ক্লিক কৰাত খোল খায় ‘কোর্চ হিৰো’ নামৰ অনলাইন লার্নিং ৱেবছাইট এটাহে ৷ এই ৱেবছাইটটোৰে ছাত্র–ছাত্রীসকলে নিজৰ ক্লাছ নোটছৰ আদান–প্রদান কৰিব পাৰে ৷ লগতে যিকোনো লোকেই তাত নিজৰ ৰচনা আপলোড কৰিব পাৰে ৷ ড০ বৰকাকতিৰ উক্ত ৰচনাখন ‘কোর্চ হিৰো’ ৱেবছাইটৰ ‘নোটছ’ শিতানত আপলোড কৰা হৈছে ৷ আপলোড কৰা ব্যক্তিগৰাকীৰ ইউজাৰ আই ডি হ’ল iy155ygc৷ গুৰুত্বপূর্ণ কথাটো হ’ল ৱেবছাইটটোত এই কথাও স্পষ্টভাৱে উল্লেখ কৰা আছে যে তেওঁলোক কোনো বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত নহয় ৷
এই বিষয়টোৰ অধিক অনুসন্ধানৰ বাবে জ্যোতির্ময় তালুকদাৰে হার্ভার্ড বিশ্ববিদ্যালয়ৰ ধর্ম পাঠ্যক্রম কমিটীৰ লগত যোগাযোগ কৰে আৰু ই–মেইলযোগে জানিব বিচাৰে যে ড০ সঞ্জীৱ বৰকাকতিৰ ৰচনাখন বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত অন্তর্ভুক্ত কৰা হৈছে নেকি ? ইয়াৰ উত্তৰত হার্ভার্ড বিশ্ববিদ্যালয়ে কয় যে কোর্চ হিৰো ৱেবছাইটত আপলোড হোৱা ৰচনাখনৰ লগত হার্ভার্ড ইউনিভার্ছিটীৰ কোনো সম্পর্ক নাই ৷ শুকুৰবাৰে এই সকলো তথ্য ‘দ্য ক্রছকাৰেণ্ট’ নামৰ ৱেব প’র্টেলটোত ফাদিল কৰিছে জ্যোতির্ময় তালুকদাৰে ৷ ইয়াৰ পাছতে অসমৰ বিদ্বৎ মহলত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে ৷ হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত ড০ সঞ্জীৱ কুমাৰ বৰকাকতিৰ শংকৰদেৱ বিষয়ৰ পাঠ্যক্রম অন্তর্ভুক্ত হোৱাটো যে এক জীয়া ফাকি আছিল, সেয়া ক্রমাৎ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে ৷