নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমবাৰলৈ খুলিব শ্বপিংমল, কি হ’ব ৪ৰ্থ পৰ্যায়ৰ লক ডাউনৰ নীতি-নিৰ্দেশনা?

নিয়মীয়া বাৰ্তা, ১৬ মেঃ ১৭ মে অৰ্থাৎ কাইলৈ অন্ত পৰিব তৃতীয় পৰ্যায়ৰ লক ডাউন। লক ডাউন অন্ত হোৱাৰ পূৰ্বে  অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী মোদী সৈতে দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক। এই বৈঠকত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ পৰা লক ডাউন বৃদ্ধিৰ প্ৰসংগত পৰামৰ্শ বিচাৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়াইছিল কেতবোৰ পৰামৰ্শ।

এই পৰামৰ্শবোৰৰ ভিতৰত প্ৰথমতেই ২ সপ্তাহলৈ লক ডাউন বৃদ্ধিৰ পোষকতা ৰাজ্য চৰকাৰৰ।

  • শ্বপিংমলৰ ৫০ শতাংশ দোকান খোলাৰ পৰামৰ্শ
  • শ্বপিংমলত থকা চিনেমা হল অথবা ফুড ক’ৰ্ট খুলিব নোৱাৰিব
  • সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ অব্যাহত থাকিব কাৰ্ফিউ
  • ই কৰ্মাচৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ পৰামৰ্শ
  • ৰেষ্টোৰেণ্ট খোলা থাকিব কিন্তু বহি খাব নোৱাৰিব খাদ্য

এইবোৰ পৰামৰ্শ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক জনাইছে কিন্তু সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰী সকলৰ পৰামৰ্শমৰ্মে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিব গাইড লাইন। পৰিবহনৰ ক্ষেত্ৰত বৰ্তমানলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নিৰ্দেশনাই মানি ল’বলৈ প্ৰস্তুত ৰাজ্য চৰকাৰ।

আনহাতে  ৰাজ্যৰ একাংশ লোকেও ক’ৰোনা সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে এই শৃংখল ভংগ কৰাৰ বাবে লক ডাউন বৃদ্ধি হোৱাটো বিচাৰিছে। যিহেতু দেশৰ লগতে ৰাজ্যটো বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা।

You might also like