নিয়মীয়া বার্তা, ১৬ মে’ : লকডাউনৰ মাজতে এগৰাকী পোন্ধৰ বছৰীয়া নাবালিকাক বিয়া কৰাবলৈ আহি আৰক্ষী দেখি কইনা এৰি পলাব লগা হ’ল এজন ৪৮ বছৰীয়া দৰা ৷ এই ঘটনা হোজাইৰ লংকাত ৷ লংকা থানাৰ অন্তর্গত ডাবলঙৰ এগৰাকী ১৫ বছৰীয়া নাবালিকাৰ সৈতে বৃহস্পতিবাৰে নিশা লংকা ২ নং শ্বামবাৰীৰ পূর্বে বিবাহিত ৪৮ বছৰীয়া হজৰত আলীৰ বিবাহৰ আয়োজন কৰা হৈছিল ৷ এই খবৰ লাভ কৰে হোজাই জিলা আইন সেৱা প্রাধিকৰণৰ সম্পাদিকা তথা ন্যায়াধীশ প্রণিতা মৰাঙে ৷ তেওঁৰ নির্দেশত লংকা আৰক্ষী বিষয়া বি শর্মা, মনজুল আলী, চাইল্ড লাইনৰ মনজিত দাস আৰু মিণ্টু শর্মাৰ সহযোগত বন্ধ কৰা হয় বাল্য বিবাহখন ৷ বিবাহ ঘৰত আৰক্ষী দেখি কইনা এৰি দৰাই পলায়ন কৰে ৷ আৰক্ষীয়ে দৰাৰ পিতৃক আটক কৰাৰ লগতে নাবালিকা গৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে ৷ পূর্বে বিবাহিত এজন ৪৮ বছৰীয়া দৰাই ১৫ বছৰীয়া নাবালিকাক বিবাহ কৰিবলৈ অহাৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷