নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PHCP ৰ অধীনত বৈজ্ঞানিক ভাবে বংশ বিৰ্ধিৰ বাবে বন্দী ৰখা গাহৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  Pygmy Hog Conservation Prgramme ( PHCP )ৰ অধীনত ১৪ মে’ৰ পৰা ১৭ মে’ৰ ভিতৰত বৈজ্ঞানিক ভাবে বংশ বিৰ্ধিৰ বাবে বন্দী কৰি ৰখা কিছু সংখ্যক গাহৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। মানাহত মুকলি কৰি দিয়াৰ প্ৰাকক্ষণত এই গাহৰি সমূহ ছয় মাহ ধৰি নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ প্রাক – মুক্তি কেন্দ্ৰত ৰক্ষণাবেক্ষণ কৰা হৈছিল। সেই কেন্দ্ৰৰ পৰা মানাহলৈ স্থানান্তৰ কৰাৰ সমইচোৱাত অসম ৰাজ্যিক চিৰিয়াখনাৰ DFO মি. তেজচ মৰিস্বামি আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ৰেঞ্জ অফিচাৰ মি. দেৱাশিষ বুঢ়াগোহাই উপস্থিত থাকে।

  উল্লেখযোগ্য যে এই প্ৰজাতিৰ গাহৰি সমূহৰ বৈজ্ঞানিকভাৱে বংশ বৃদ্ধি কৰাৰ উদ্দেশ্যৰে ২৪ বছৰ আগতেই ধৰি অনা হৈছিল। বৰ্তমান পৰিস্থিতিত এই বিশেষ জীৱবিধৰ ক্ৰমাগত কমি অহা সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই গাহৰি সমূহক নিজ বাসস্থানত পুনৰ মুকলি কৰি দিয়া হয়। PHCP ৰ সহযোগত মুকলি কৰি দিয়া গাহৰিৰ ফলত বৰ্তমান মানাহ ৰাষ্ট্ৰীয় উদ্যানত  এই প্ৰজাতিৰ গাহৰিৰ সংখ্যা ১৩০ হয় (৬২ মতা,৬৮ মাইকী) আৰু এই সংখ্যা বিশ্বব্যাপী থকা ইয়াৰ মূল জনসংখ্যাতকৈয়ো বেছি। ১৯৯৬ চনত মানস অভয়াৰণ্যৰ বাঁহবাৰী ৰেঞ্জৰ পৰা ৬টা গাহৰি (২ মতা,৪ মাইকী) কৃত্ৰিমভাৱে বংশবৃদ্ধিৰ বাবে ধৰি অনা হৈছিল। ২০০১ চনত ইয়াৰে এটা মতা গাহৰি মুকলি কৰি দিয়া হয় আৰু ২০১৩ চনত পুনৰ এটা মতা আৰু দুজনী মাইকী গাহৰি বাঁহবাৰী ৰেঞ্জৰ পৰাই ধৰি অনা হয়। ২০০৮ চনৰ পৰা এই বন্দি গাহৰি সমূহক অৰণ্যত মুকলি কৰি দিবলৈ আৰম্ভ কৰা হয়। প্ৰথমে সমগ্ৰ অসম জুৰি তিনিটা অঞ্চল নিৰ্বাচন কৰা হৈছিল য’ত এই গাহৰি সমূহৰ ৰক্ষণাবেক্ষণৰ লগতে পুনঃপ্ৰতিষ্ঠাৰ বাবে সুবিধাজনক হয়। ২০১০ চনৰ পৰা ২০২০ চনৰ ভিতৰত ৩৫টা গাহৰি (১৮ মতা,১৭ জনী মাইকী) সোণাই-ৰূপাই অভয়াৰণ্যত মুকলি কৰা হয়, ৫৯টা গাহৰি (২৬ মতা,৩৩ মাইকী) ওৰাং ৰাষ্ট্ৰীয় উদ্যানত,আৰু ২২টা গাহৰি (১১মতা,১১ মাইকী) বৰনদী অভয়াৰণ্যত মুকলি কৰি দিয়া হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা গাহৰিৰ প্ৰায় আৰ্হৈ গুণলৈ বৃদ্ধি হৈ এই প্ৰচেষ্টা সফল হোৱাৰ জাননি দিয়ে। লগতে যি নিৰ্দ্দিষ্ট অঞ্চলত গাহৰিসমূহমুকলি কৰা হৈছিল তাৰপৰা বহু অঞ্চললৈ সিঁচৰিত পৰে। পৰবৰ্তি পৰ্যায়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূয়াপাৰা ৰেঞ্জৰ ৰূপহি ঘাঁহনি  অঞ্চলত যি ১৪টা গাহৰি(৬ মতা,৮ মাইকী) মুকলি কৰা হয় ইয়াৰ জৰিয়তে চাৰিওটা অঞ্চল মিলাই গাহৰিৰ সংখ্যা প্ৰায় ২০০  টা হয়। ৫টা বছৰত ভূয়াপাৰা ৰেঞ্জত মুকলি কৰা গাহৰিৰ পৰা কোনো অজান কাৰণত প্ৰায় ৬০টা গাহৰি নিখোজ হৈ পৰে। 

             প্ৰধান অবৈতনিক বন বিষয়াৰ লগতে  অসমৰ PCCF মি.এম.কে. যাদৱে কয় যে,”বৰ্তমান সন্ত্ৰাসৰ সৃষ্টি কৰা আফ্ৰিকান ছোৱাইন ফ্লুৰ পৰা গাহৰিৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতে মানাহৰ দৰে সুৰক্ষিত অঞ্চলত এই গাহৰিসমূহ মুকলি কৰি দিয়া হৈছে ।”

          মানাহৰ ক্ষেত্ৰ পৰিচালক মি.অমল চন্দ্ৰ শৰ্মাই কয় যে,”ভূয়াপাৰাত এই গাহৰিসমূহ মুকলি কৰাৰ বাবে বনাঞ্চলখনে আগৰ গৰিমা ঘূৰাই পাব আৰু ই নতুনকৈ বহু পৰ্যতকক এই বনাঞ্চললৈ আকৰ্ষিত কৰিব।”

          বৰ্তমান  PHCP য়ে অসমৰ দুয়োটা কেন্দ্ৰতে বনাঞ্চলত মুকলি কৰি দিয়া লক্ষ্যৰে ৭০টা গাহৰিৰ পৰা কৃত্ৰিম ভাৱে গাহৰি উৎপাদন কৰি আছে। চাব হিমালয়ান গ্ৰাচলেণ্ড ইকোচিচটেমৰ ভিতৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানেই হৈছে সৰ্ববৃহৎ। এই ওখ আৰু ডাঠ ঘাঁহনি অঞ্চলত গাহৰিসমূহ সহজে দেখা পোৱা নাযায় আৰু মানুহৰ সংস্পৰ্শলৈ আহিব নিবিচাৰে।

              PHCP ৰ বৈজ্ঞানিক  ড° ধৃতিমান দাসে কয় যে ” মানাহত গাহৰিৰ পুনঃপ্ৰতিস্থা কৰা ই এক মহৎ পদক্ষেপ । মানাহৰ তিনিটা ঘাঁহনি অঞ্চলৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি অসমৰ বনবিভাগৰ সহযোগত এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে যাতে প্ৰজাতি সমূহৰ পৰিচালনা,সম্প্ৰদায়ৰ সংযুক্তি আৰু বিলুপ্তিৰ দিশে গৈ থকা বন্য জীৱ সমূহৰ পুনৰুদ্ধাৰ কৰিব পৰা যায়। বিলুপ্তিৰ দিশে গতি কৰা জীৱ সমূহৰ পুনঃপ্ৰতিষ্টাৰ এই কাৰ্যসূচীয়ে মুলতঃ গাহৰি , উলুমৰা আৰু সুগৰী পহু ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

                 এই অনুষ্ঠানত আৰণ্যকৰ দুজনকৈ একজিকিউটিভ মেম্বাৰ ড° বিভূতি প্ৰসাদ লহকৰ আৰু উদয়ন বৰঠাকুৰ উপস্থিত থাকে।

You might also like