আজিৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিড–১৯ ৰোগীৰ চিকিৎসা আৰম্ভ
নিয়মীয়া বাৰ্তা, ২০ মেঃ অহা এমাহৰ ভিতৰত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত আই চি ইউৰ সংখ্যা ৫০লৈ বৃদ্ধি হ’ব৷ আনহাতে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাইক্র’বায়লজী বিভাগৰ পৰীক্ষাগাৰত প্রতিদিনে প্রায় ১৫০০ ক’ভিড–১৯ ছেম্পলৰ টেষ্ট কৰি থকা হৈছে৷ এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
মঙলবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ স্বাস্থ্যমন্ত্রী ড০ শর্মাই চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষ আৰু জিলা প্রশাসনৰ বিষয়াৰ সৈতে এক পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে৷ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈয়েই মন্ত্রীগৰাকীয়ে অধ্যক্ষ ডাঃ ধ্রুৱজ্যোতি বৰা, জিলা উপায়ুক্ত মুনীন্দ্র শর্মা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, হাস্পতালখনৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামী, উপ–ধীক্ষক ডাঃ দিগন্ত দাস, হাস্পতালখনৰ ক’ভিড–১৯ ন’ডেল বিষয়া ডাঃ সুৰেশ শর্মাকে ধৰি বিভিন্নজনৰ সৈতে আলোচনাত মিলিত হয়৷ ইয়াৰ পিছতে মন্ত্রী ড০ শর্মাই হাস্পতালখনৰ ক’ভিড পৰীক্ষাগাৰ পৰিদর্শন কৰে৷
মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাইক্র’বায়লজী লেবৰেটৰীৰ ব্যাপক উন্নতি সাধন কৰা হৈছে৷ পূর্বে ইয়াত দৈনিক ৩৫০টা ক’ভিড–১৯ টেষ্ট কৰিব পৰা গৈছিল যদিও এতিয়াৰে পৰা দৈনিক ১৫০০ ক’ভিড–১৯ টেষ্ট কৰিব পৰা হৈছে৷ সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্রীগৰাকীয়ে ক’ভিড–১৯ৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ শেহতীয়াভাৱে অসমত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পাইছে যদিও ভয়ৰ কাৰণ নাই বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে নতুনকৈ আক্রান্তসকলৰ অধিকাংশই আছে কোৱাৰেণ্টাইনত৷ কোৱাৰেণ্টাইন ভালদৰে থাকিলে ভয় খাবলগীয়া একো নাই৷ আনহাতে আজিৰে পৰা হোম কোৱাৰেণ্টাইনৰ সংজ্ঞা সলনি হ’ব বুলিও ঘোষণা কৰে মন্ত্রীগৰাকীয়ে৷ এতিয়াৰে পৰা কেৱল কাৰোবাৰ সংস্পর্শলৈ অহা অথবা ড্রেভেল হিষ্ট্রী থকাজনেই নহয়, ঘৰত থকা পৰিয়ালৰ সকলোৱেই থাকিব লাগিব হোম কোৱাৰেণ্টাইনত৷ অসমত এতিয়ালৈকে ক’ভিড–১৯ৰ সামাজিক সংক্রমণ আৰম্ভ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সংক্রমণ হৈছে যদিও ক’ৰবাত এটা–দুটাহে হৈছে৷ আলু গুদামৰ ঘটনাৰ শেষ পর্যায় পাইছে৷
নতুনকৈ সংক্রমিত হোৱাৰ আশংকা কমি আহিছে৷ ৰাজ্যৰ বাহিৰত থকা অসমৰ মানুহ অসমলৈ ঘূৰি আহিবই৷ বাধা দি লাভ নাই বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে কয় যে আমি মাথোঁ বুকু ডাঠ কৰি প্রত্যাহ্বান গ্রহণ কৰিব লাগিব৷ লকডাউন শিথিল কৰি নিদিলে খাদ্য সংকট হয়, অর্থনৈতিক সংকট হয়৷ আনহাতে লকডাউন শিথিল কৰি দিলে একাংশই আইন–কানুন নমনা হয়৷ ইয়াৰ মাজতে আমি মাস্ক পৰিধান কৰি, সামাজিক দূৰত্ব মানি চলি ক’ৰোনাৰ সংক্রমণ ৰোধ কৰিব লাগিব বুলিও মন্ত্রীগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ আনহাতে আজিৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ চিকিৎসা আৰম্ভ হ’ব বুলিও মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ শেহতীয়াকৈ ক’ভিড–১৯ত আক্রান্ত কোকৰাঝাৰ জিলাৰ এজন লোকক মঙলবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত ভর্তি কৰোৱা হ’ব৷
আনহাতে ক’ৰোনা আক্রান্তক চিকিৎসাৰ সুবিধার্থে বৰপেটা মেডিকেল কলেজত ১০টা অতিৰিক্ত ভেণ্টিলেটৰ আহি আছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ হাস্পতালখনত সদ্যহতে ১৬ৰ পৰা ২৮লৈ আই চি ইড বৃদ্ধি কৰা হ’ব আৰু অহা এমাহৰ ভিতৰত আই চি ইউৰ সংখ্যা ৫০লৈ বৃদ্ধি হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ কোৱাৰেণ্টাইন শিবিৰত হোৱা ভিৰৰ প্রতি লক্ষ্য ৰাখি ২২ মে’ৰ পৰা বহিঃৰাজ্যৰ পৰা দুচকীয়া অথবা চাৰিচকীয়া বাহনেৰে অসমলৈ অহা বৰপেটা জিলাৰ যাত্রীসকলক পোনে পোনে বৰপেটালৈ আনি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে সদৰী কৰে৷ বৰপেটাত সম্প্রতি দুহেজাৰ লোকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷
আনহাতে ৰঙিয়া নসত্রৰ ক’ভিড–১৯ পজিটিভ হৈ মৃত্যু হোৱা অমূল্য কলিতাৰ সম্পর্কতো মন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ বৰপেটালৈ অহাৰ পূর্বে মন্ত্রীগৰাকীয়ে ৰঙিয়াৰ সমীপৱর্তী নসত্রৰ অমূল্য কলিতাৰ ঘৰত উপস্থিত হয়৷ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা অমূল্য কলিতা পুত্রৰ দ্বাৰা সংক্রমিত হোৱাৰো সন্দেহ প্রকাশ কৰে মন্ত্রী ড০ শর্মাই৷