নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মই কিয় হত্যা কৰিলোঁ নিজেই নাজানো, মোক অলপ শুবলৈ দিয়ক’: মৃত্যুৰ পূর্বে কান্দি কান্দি আৰক্ষীক ক’লে হত্যাকাৰী সঞ্জয় দাসে

নিয়মীয়া বাৰ্তা, ২০ মেঃ মই কিয় হত্যা কৰিলোঁ, মই নিজেই নাজানো৷ মোক আমনি নকৰিব৷মোক অলপ সময় শুব দিয়ক’– মৃত্যুৰ কিছু সময় পূর্বে হত্যাকাৰী সঞ্জয় দাসে আৰক্ষীৰে স’তে কৰা বার্তালাপৰ কিয়দংশ এয়া৷ ঘটনাটো আছিল এনেধৰণৰ– ডিব্রুগড চহৰৰ শুকানপুখুৰী অঞ্চলত মাজনিশাৰে পৰা গুলী আৰু গ্রেনেডৰ ক’লা ধোঁৱাই সমগ্র অঞ্চল ছানি ধৰিছিল৷ যেন এক বিভীষিকাময় পৰিৱেশ৷ বাৰুদৰ ধোঁৱা আৰু গুলীৰ শব্দত ত্রস্তমান হৈছিল সাধাৰণ লোক৷ অতি ঘন জনবসতিৰে সমৃদ্ধ লোকে তীব্র আতংক, বিনিদ্র ৰজনীৰে পাৰ কৰিছিল সমগ্র নিশা৷ প্রায় তিনি ঘণ্টা ধৰি প্রচণ্ড গুলীয়াগুলীৰ পিছত নিজ পত্নী, পুত্র আৰু সম্বন্ধীয় মোমায়েকক গুলীয়াই হত্যা কৰা প্রাক্তন এছএছবিৰ জোৱান সঞ্জয় দাস আৰক্ষীৰ গুলীত ঘটনাস্থলীতে নিহত হয়৷ হয়, কালি পুৱাতে প্রায় ১১ বজাত চহৰখনৰ শুকানপুখুৰী অঞ্চলত সঞ্জয় দাস নামৰ প্রাক্তন এছএছবিৰ জোৱানজনে নিজ গৃহত পত্নী স্বপ্ণা দাস (৪০) আৰু একমাত্র পুত্র নৱজ্যোতি দাস (২০) আৰু বগীপুলৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত বাস কৰা মোমায়েক ঘনকান্ত হাজৰিকা (৬৭)ক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰি, হাতত নিজৰ লাইচেঞ্চ থকা পইণ্ট ৩২ উদ্যত পিষ্টল লৈ পলায়ন কৰিছিল৷ ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাৰ হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ আৰক্ষী প্রশাসনে সমগ্র জিলাখনতে হাইএলার্ট জাৰি কৰে৷ লগে লগে সকলো থানা সস্তম হৈ পৰে৷ ডিব্রুগডৰ আৰক্ষী, অর্ধসামৰিক বাহিনীৰ সহায়ত সকলোতে তীব্র অভিযান অব্যাহত ৰাখে৷ ব্যৱহাৰ কৰা হয় স্নিফাৰ ডগ৷ হত্যাকাৰী সঞ্জয় দাসক নিশাৰ ভিতৰতে কৰায়ত্ত নকৰিলে আৰু বহু লোকৰ প্রাণ যোৱাৰ প্রতি শংকা প্রকাশ কৰিয়েই সমগ্র শুকানপুখুৰীত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লোকক মোতায়েন কৰা হয়৷ নিশা যিমানে গভীৰ হৈ আহিছিল সমগ্র শুকানপুখুৰীবাসীৰ মাজত তীব্র আতংকই বিৰাজ কৰিছিল৷ লকডাউনৰ বাবে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন বাহাল হোৱাৰ বাবে, নিস্তব্ধতাই বিৰাজ কৰিছিল৷ স্থানীয় বহু লোকেই যেন কিবা এক অজান আশংকাত পূর্বৰ সময়তকৈ আগতেই নিশাৰ আহাৰ গ্রহণ কৰিছিল, হয়তো এক অপ্রত্যাশিত ঘটনাৰ বাবে৷আৰক্ষীৰ চোৰাংচোৱাই তথ্য লাভ কৰে যে হত্যাকাৰী সঞ্জয় দাসে ম’হপোৱালিমৰা হৈ নিজ গৃহাভিমুখে গৈ আছে৷ উক্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তোলে৷ এটা সময়ত স্পষ্ট খবৰ আহে যে হত্যাকাৰী সঞ্জয়ে শুকানপুখুৰীৰ নিজ গৃহৰ পৰা প্রায় ৫০০ মিটাৰ নিলগৰ মীন বিভাগৰ এটা পৰিত্যক্ত ঘৰত আত্মগোপন কৰি আছে৷ লগে লগে জিলা আৰক্ষী অধীক্ষক শ্রীজিৎ টিয়ে আৰক্ষী বিষয়াসহ এক বৃহৎ দল লৈ নিশা প্রায় ১২ বজাত শুকানপুখুৰীত উপস্থিত হয়৷

You might also like