নিয়মীয়া বাৰ্তা ২০ মেঃ কামৰূপ জিলাৰ ছয়গাঁৱৰ নিকটৱৰ্তী বিহদিয়া অঞ্চলত কলহী নৈত বছৰ বছৰ ধৰি গৰাখহনীয়া চলি থকাৰ পিছতো জলসম্পদ বিভাগে অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ জানিবপৰামতে ছয়গাঁৱৰ বৰাখাট চতুৰ্ভুজ মন্দিৰৰ ওচৰৰ পৰা বালাপুখুৰীৰ ৰে’লৱে দলঙলৈ প্ৰায় তিনিকিলোমিটাৰ অংশত চলি থকা গৰাখহনীয়াত কেইবাটাও পৰিয়ালৰ ভেটি মাটি নৈৰ বুকুত জাহ যোৱাৰ লগতে কেইবা বিঘা মাটি নৈৰ বুকুত জাহ যায় ৷ অৱশেষত উপায়ন্তৰ বিহদিয়া গাঁৱৰ ৰাইজে নিজাববীয়াকৈ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল গাঁওখনৰ সমাজকৰ্মী যুৱক হিৰণ্য দাসৰ তত্বাৱধানত গাঁৱৰ প্ৰতিটো পৰিয়ালৰ কোনোবাই বাঁহ আৰু কোনোবাই ডাল গছ দি গাঁওখনৰ পূৱফালেৰে যোৱা নৈখনত স্পাৰ দিয়াৰ ব্যৱস্থা কৰে ৷ ইতিমধ্যে এই প্ৰতিৰোধৰ কামত গাঁৱৰ মানুহে শ্ৰমদান কৰাৰ লগতে দৈনিক ১৫ জনকৈ হাজিৰা মানুহৰ দ্বাৰা কাম কৰাই আছে ৷ এই স্পাৰকেইটা দিয়াৰ নামত গাঁৱৰ মানুহৰ শ্ৰমদানৰ বাহিৰে আন আন আনুসংগিক তথা শ্ৰমিকৰ হাজিৰাৰ নামত প্ৰায় ১৫ লাখ টকা খৰছ হ’ব ৷ এই সমস্ত খৰছ সমূহ গাঁওখনৰ যুৱ সমাজকৰ্মী হিৰণ্য দাসে দিব বুলি জানিবলৈ দিয়ে । যি কাম চৰকাৰে কৰিব পৰা নাই সেই কাম এতিয়া ৰাইজৰ শ্ৰমদান তথা পকেটৰ ধনেৰে খৰচ কৰিবলগীয়া হৈছে ৷ পিছে ইমানৰ পিছতো ৰাজ্যৰ জলসম্পদ বিভাগৰ গা লৰিবনে নে ভাষণতে শেষ হ’ব ৰাজ্য চৰকাৰৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম ৷ সেয়া সময়তহে হ’ব লক্ষণীয় ।