গ্রন্থৰ ভৱিষ্যৎ By নিয়মীয়া বাৰ্তা On May 23, 2020 Share গ্রন্থই যুগে যুগে শতিকাৰ পিছত শতিকাজুৰি মানুহৰ সভ্যতা–সংস্কৃতি নির্মাণ কৰি অহাৰ লগতে গ্রন্থৰ দুর্যোগৰ ইতিহাসো দেখুৱাই আহিছে৷ তুর্ক বিজেতাই এলেকজেন্দ্রিয়াৰ অমূল্য গ্রন্থাগাৰ ভস্মীভূত কৰা ঘটনা সকলোৱে জানে৷ ছপাশাল উদ্ভাৱনৰ আগতেই স্পেইনৰ সুখ্যাত লগতে সুবিশাল ৰূপে গঢ লৈ উঠা বা স্থাপন কৰা গ্রন্থাগাৰৰ কথাও সকলোৱে জানে৷ স্পেইনত শাসকৰ নেতৃত্বত নকল নবিচসকলে বছৰত সত্তৰ হাজাৰ গ্রন্থ লিখি উলিয়াইছিল৷ তাৰ অস্তিত্ব নাই এতিয়া৷ ছপাশাল আৱিষ্কাৰৰ পিছতো গ্রন্থ বিপর্যয়ৰ সন্মুখীন হৈ আহিছে৷ এইখিনিতে উল্লেখ কৰিব লাগ্বি বেদ, বেদান্ত, গীতা, বাইবেল কোৰান, ৰামায়ণ, মহাভাৰত, ওডিছী, ইলিয়াড আদি ছপাশাল উদ্ভাৱনৰ আগতেই ৰচিত হৈছিল৷ সেইবোৰ গ্রন্থই সভ্যতাৰ ইতিহাসৰ শিক্ষাও দিয়ে৷সেইবোৰ গ্রন্থ অগ্ণিপৰীক্ষাত উত্তীর্ণ হৈ আজিও উচ্চ আসনত অধিষ্ঠিত হৈ আছে৷ ছুইফ্ট The Battle Of Books–ৰ কথা নজনা লোক নাই৷ তেনেহ’লে সাম্প্রতিক কালত কিতাপ বা আলোচনীৰ ভৱিষ্যৎ সম্পর্কে কিয় চিন্তা কৰিবলগীয়া হৈছে? মানুহ অমৃতৰ সন্তান আৰু গ্রন্থ অমৃতকুম্ভ৷ এই অমৃতকুম্ভই যুগে যুগে মানুহক আকর্ষণ কৰি আহিছে৷ গ্রন্থ মানৱ জাতি আৰু সভ্যতা–সংস্কৃতিৰ অর্পূব সম্পদৰূপে ইমান দিনে বিবেচিত হৈ আহিছে৷ কিন্তু কিতাপৰ ভৱিষ্যতক লৈ একাংশ আতংকিত হৈছে৷ ইয়াৰ কাৰণ ৰূপে অধিকাংশই বিজ্ঞান, প্রযুক্তিবিদ্যা, তথ্য–প্রযুক্তিৰ দ্রুত সম্প্রসাৰণৰ কথা ক’ব খোজে৷ জর্জ অৰৱেলৰ দৰে েবৌদ্ধিক মহলেও মাজে সময়ে সকীয়নি দি আহিছে গ্রন্থৰ ভৱিষ্যৎ সম্পর্কে৷ কিন্তু এতিয়ালৈকে গ্রন্থ মাৰাত্মক অৱস্থাৰ সন্মুখীন হোৱা নাই৷ অৱশ্যে কিতাপৰ ভৱিষ্যৎ চিন্তা কৰাৰ আগতে আৰু এবাৰ চিন্তা কৰাৰ প্রয়োজন অনুভৱ কৰিছোঁ৷ লর্ড ৰাডাৰফর্ডে কৈছিল যিহেতু গৱেষণাগাৰ নির্মাণ কৰিবলৈ আমাৰ হাতত যথেষ্ট ধন নাই, সেয়ে ধনৰ অভাৱ পূৰাব লাগ্বি চিন্তাৰে৷ এই কথাটো শ্রেণীকোঠাত ড০ মহেশ্বৰ নেওগ ছাৰে কৈছিল৷ স্নাতকোত্তৰ শিক্ষা সাং কৰি ছাৰৰ ওচৰত বিদায় ল’বলৈ যাওঁতে ছাৰে সেইদিনা কৈছিল, ‘আজিৰ পৰা তোমাৰ শিক্ষাজীৱন আৰম্ভ হ’ল৷’ ভাল ছাত্র হৈ থাকিলে ভাল শিক্ষক হোৱাৰ বাটটো হেনো পোন হয়৷ মহৎ লোকসকলে প্রায়ে কোৱা শুনো৷ পাঠ্যপুথিবোৰ হেনো উপভোগ্য নহয়৷ অর্থাৎ যিয়ে পাঠ্যপুথি লিখে তেওঁলোকে উপভোগ্য কৰি লিখ্বি নাজানে৷ সেয়ে আজিও ছাত্রজীৱন কটাই ক’ব পৰা হৈছোঁ ছপা কিতাপ এতিয়াৰ অমৃত হৈয়ে থাক্বি৷ প্রথমতে চিঠি–পত্র লিখাৰ যি পৰিৱেশ এসময়ত আছিল আজি চিঠি অতীত বা ইতিহাস হ’ল৷ এসময়ত চিঠিৰে প্রখ্যাত লেখকে সাহিত্যৰ ভঁৰাল চহকী কৰিছিল৷ ডেকা–গাভৰুৰ পাৰস্পৰিক চুমাতকৈ চিঠিয়ে মিলনৰ সুদৃঢ ভেটিও এসময়ত নির্মাণ কৰিছিল৷ তেনেকৈ কিতাপো সলনিৰ আহ্বানত লুপ্ত হ’ব বুলি এচামে ভাব্বিলগীয়া হৈছে৷ কিন্তু কিতাপ চিঠি নহয়৷ ডিজিটেল প্রজন্মই অৱশ্যে ম’বাইল বা লেপটপ, স্মার্টফোন ব্যৱহাৰ কৰি মুহূর্ততে প্রয়োজনীয় তথ্য–পাতি সংগ্রহ কৰি ল’ব পাৰে৷ প্রয়োজন অনুভৱ কৰিলেই মুহূর্ততে বিশ্বৰ গ্রন্থজগতত প্রৱেশো কৰিব পাৰি৷ হাতে হাতে উক্ত ব্যৱস্থাৰে যিকোনো ঠাইতে বিশ্বকোষীয় তথ্য কঢিয়াই লৈ ফুৰিব পাৰি৷ ৱিকিপিডিয়া এক বৃহৎ ভাণ্ডাৰলৈ ৰূপান্তৰ হৈছে৷ েবাধ হয় ২০০২ চনত অসমীয়া ৱিকিপিডিয়াৰ জন্ম হৈছিল৷ কিন্তু অসমীয়াৰ প্র্বন্ধ–পাতিৰ সংখ্যা বৰ কম৷ চুবুৰীয়া বঙলা ভাষাত অলপ দিনৰ আগত ৮৭,০০০তকৈ অধিক প্র্বন্ধ সন্নিৱিষ্ট হৈছে৷ প্রচাৰ মাধ্যমত প্রকাশ পোৱা মতে অসম সাহিত্য সভাই উদ্যোগ লৈছে যদিও পৰিকল্পিত আঁচনি আৰু লেখক নির্বাচনতে ইয়াৰ বর্তমান আৰু ভৱিষ্যৎ নির্ভৰ কৰিব৷ সেয়ে লেখক নির্বাচন কৰি উপযুক্ত প্রশিক্ষণৰ ব্যৱস্থা নকৰিলে, আঁচনিখন থমকি ৰ’ব আৰু গ্রহণযোগ্যতাৰ পৰীক্ষাত উত্তীর্ণ নহ’ব৷ বর্তমান পোৱা বহুত তথ্য দোষ–দুষ্ট বুলি বিবেচিত নোহোৱাকৈও থকা নাই৷ অৱশ্যে এই প্রচেষ্টা ভৱিষ্যতৰ আগজাননী৷ আগজাননীৰ উপলব্ধি কৰিব পৰাটো মহৎ বুলি বিবেচিত হয়৷ সভাৰ বিষয়ববীয়াই আগজাননী পাইছেনে নাই জনা নাযায়৷ সামাজিক মাধ্যমত বহুতো লেখা প্রকাশ হয়৷ ৱাটছএপ গ্রুপত বহুতো লেখা পঢি চাইছোঁ৷ দুই–একে সাধনাৰ েবাকোচাত উঠি লিখে, দুই–একৰ লেখা অধ্যয়নপ্রসূত নহয়৷ তাৎক্ষণিক প্রচাৰ আৰু শলাগমগনীয়া হোৱাৰ বাহিৰে ভিতৰখিনি পোকে খোৱা পকা আমটোৰ দৰে৷ প্রচাৰৰ পাছে পাছে দৌৰা এইসকলে জনা ভাল তাৎক্ষণিক প্রচাৰ বিচৰাসকলক এদিন কিন্তু প্রচাৰেই ধবংস কৰে৷ অৱশ্যে এই সৰৱ আৰু দ্রুত মাধ্যমটোৱে ভৌগোলিক সীমা অতিক্রম কৰিলেও, যোগাত্মক দিশটো স্বীকাৰ কৰিলেও ই সমাজলৈ বিপদো মাতি আনিছে৷ ইয়াত যিবোৰ ‘প’ষ্ট’ দিয়ে যাৰে যি মন যায় তাকে ‘ভাইৰেল’ কৰিব পাৰে৷ উদ্ভট কথাও ‘কপী–পেষ্ট’ কৰি ‘ভাইৰেল’ কৰা দেখা যায়৷ ধিতিঙা ডেকায়ো যুক্তিৰ জুইত নেসেকাকৈ সমাজৰ সর্বজন শ্রদ্ধেয় ব্যক্তিকো অপমান কৰিব পাৰে৷ সস্তীয়া বেলুন টুুলুঙা মন্ত্ব্য নুগুণি নিচিন্তি দিয়াও দেখা যায়৷ এইবোৰ ইয়াৰ নেত্বিাচক দিশ৷ সম্পাদক নথকাই ইয়াৰ কাৰণ৷ আন এটা অভিযোগ শুনা যায়, সেয়া হ’ল কিতাপ ছপা কৰি উলিয়াবৰ বাবে যিমানখিনি কাগজৰ প্রয়োজন৷ সিমানখিনি কাগজ পৃথিৱীয়ে উৎপাদন কৰিব পৰা নাই৷ ইয়াৰ কাৰণ হৈছে কাগজ প্রস্তুত কৰিবৰ কাৰণে কেঁচামালৰ অভাৱ হৈছে৷ দ্বিতীয়তে আজি মানুহ আৰু যন্ত্রৰ মাজত প্রভেদ নাইকিয়া হৈছে৷ অধ্যয়নৰ কাৰণে মানুহে হেনো সময় উলিয়াব নোৱাৰে পার্থিৱ চিন্তাতেই সকলো সময় কটাবলগীয়া হয়৷ তৃতীয়তে কিতাপৰ মূল্য বৃদ্ধি৷ ইয়াৰ লগতে যিসকলক আমি উচ্চস্থান দিওঁ, বিশেষকৈ অধ্যাপকসকলৰ একাংশৰ অধ্যয়নবিমুখী মানসিকতা৷ কিন্তু এনে এক সময় আছিল, অসমৰ লেখক আৰু বৌদ্ধিকমহলৰ উপৰি ৰাজনীতিক বা ৰাজনীতিজ্ঞসকলেও গ্রন্থ অধ্যয়নক জীৱন চর্যাৰ অন্তর্ভুক্ত কৰি লৈছিল৷ এতিয়া ৰাজনীতি বিয়োগ গ্রন্থৰ পৰিৱেশ সৃষ্টি হৈছে৷ মুদ্রিত ৰূপত কিতাপ পঢাৰ অপার্থিৱ আনন্দৰ পৰা মানুহ কেতিয়াও বঞ্চিত নহয়৷ কিয়নো তথ্য–প্রযুক্তিৰ দাসত্ব মানুহে মানি নলয়৷ কিতাপ পণ্য সামগ্রী নহয় যে নিমিষতে নাইকিয়া হ’ব৷ বৈদ্যুতিন মাধ্যমৰ দ্রুত সম্প্রসাৰণত বহুতে ভাবিছিল চিনেমা হল আৰু বাতৰিকাকতবোৰ নাইকিয়া হৈ যাব৷ বৈদ্যুতিন মাধ্যমে এইবোৰ উটুৱাই লৈ যাব৷ এই সংশয় মিছা বুলি প্রমাণিত হৈছে৷ বাতৰিকাকতৰ আকর্ষণ এতিয়াও কমা নাই৷ নামটো মনত নাই, এজন বিখ্যাত লোকে কৈছিল এহাজাৰ এ কে–৪৭ ৰাইফলতকৈ চাৰিখন বাতৰিকাকত অধিক ভয়াৱহ৷ বহুতো বাতৰিকাকত পুৱাই মেলি ল’লেই হত্যা, ধর্ষণ, প্রতিষ্ঠানবিৰোধী বাতৰিয়ে সমাজত বিৰূপ প্রভাৱ পেলাব বুলি জানিও পুৱাৰ চাহকাপ লৈ বাতৰিকাকতখন পঢাৰ আনন্দই বেলেগ৷ যিবোৰ বাতৰি প্রকাশ পায় তাৰ একাংশই সমাজত বিৰূপ প্রভাৱ পেলাব বুলিও জানিও আগ্রহেৰে কাকতখন পঢে৷ ইয়াৰ কাৰণ হ’ল বাতৰিকাকত এখনে সমাজত পেলোৱা প্রভাৱ৷ এটা বেজীৰে এজন ৰোগীৰহে চিকিৎসা সম্ভৱ৷ কিন্তু স্বাস্থ্যৱান বাতৰিকাকতে হাজাৰ হাজাৰ ৰোগীক প্রতিবিধান দিয়ে৷ বিশেষকৈ কাকতখনৰ সম্পাদকীয় আৰু লগতে সম্পাদকীয় পৃষ্ঠাই পাঠকক জীৱন যাপনৰ আহিলা আগ্বঢাই দিয়ে৷ মানুহ কেনেকৈ জীয়াই থাকে তাৰ কথাও থাকে, কিন্তু জীৱনৰ ভৱিষ্যতৰ সন্ধানো একেখন কাকতেই সমাজলৈ আগ্বঢায়৷ বাতৰিকাকত এখন প্রথমে পাঠকৰ ওচৰত দায়বদ্ধ তাৰ পিছৰ খোজটোহে গণতন্ত্র৷ তৃতীয় খোজটো হ’ল বিশ্বাসযোগ্যতা৷ কিন্তু সাংবাদিকসকলৰ লগতে এখন কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব বলে নোৱৰা শিলটোক নমস্কাৰ কৰিয়েই দায়িত্বৰ পৰা এৰা নিদিয়াটো৷ সম্পাদকগৰাকী আপোচহীন বুলি যেতিয়া পাঠক পতিয়ন যায়, তেতিয়া তেনে কাকত একোটা জাতিৰ জাতীয় চৰিত্রলৈ ৰূপান্তৰ হয়৷ ‘নিয়মীয়া বার্তা’ কাকতখনত তদন্তমূলক আৰু চমকপ্রদ বাতৰিৰ মাজত সীমাৰেখা আছে৷ ইংৰাজীYellow Journalism–ৰ প্রতিশব্দৰূপে ব্যৱহাৰ কৰা হৈছে চমকপ্রদ শব্দটো৷ ‘নিয়মীয়া বার্তা’–ৰ সম্পাদকীয়ই পলাই যাব খোজা জীৱনক আগচি ধৰি আহিছে৷ সেয়ে কাকতখনে পাঠকে কি জানি ভাল পায়, তাতোকৈ কি জনা উচিত তাত গুৰুত্ব দি আহিছে৷ ইয়াৰ মূলতে বৰগোহাঞিদেৱৰ ব্যক্তিত্ব আৰু অভিজ্ঞতা৷ যি নিজে অভিজ্ঞতা অর্জন কৰা নাই তেওঁৰ অভিজ্ঞতা ছপা আখৰত পঢি পাঠকে একো বুজি নাপায়৷ অভিজ্ঞতাৰ লগতে চিন্তাৰ দোলাভাৰীৰূপে গদ্যক প্রতিষ্ঠা কৰিব পৰাটো এজন সম্পাদকৰ মুখ্য দায়িত্ব৷ এই দায়িত্বৰ কথা ‘গদ্যৰ সাধনা’–ত তেখেতে ইতিমধ্যেই পাঠকক অৱগত কৰাই থৈছেই৷ মই কোনো লেখক নহয় বা সাহিত্যিকো নহয়, প্রকৃততে সাহিত্যকম্ৰূপে অসমত প্রকাশিত বাতৰিকাকতত দুই–এটা লেখা প্রকাশ হয়৷ লেখাত বাক্য, শব্দ ভাবি–চিন্তি অৱশ্যে ব্যৱহাৰ কৰোঁ৷ ভাষাত আঁৰ কাপোৰ এখন দি তীক্ষ্ণ ভাষাৰে কর্মবিমুখ সংগঠন আৰু চৰকাৰকো সমালোচনা কৰি আহিছোঁ৷ কাৰোৰে পৰা একো পাবলৈও নাই আৰু হেৰুৱাবলৈও নাই৷ সেয়ে বহুতে লেখা প্রকাশ হোৱাৰ পিছতে ফোন কৰে৷ তেতিয়া মনটো ভাল লাগে এইবুলি যে কিবা এটা শুদ্ধ কাম কৰিছোঁ৷ কেতিয়াবা নিন্দাও কৰিছোঁ, কেতিয়াবা প্রশংসাও কৰিছোঁ৷ সমগ্র মানৱজাতিৰ অনুমোদনেও ভুলক ন্যায্য বুলি প্রকাশ কৰিব নোৱাৰে বুলিয়েই ভাবোঁ৷ বৰগোহাঞিদেৱৰ যিমান অনুৰাগী আছে তাৰ তুলনাত হিংসুকৰ সংখ্যাও কম নহয়৷ হিংসুকে ছপা আখৰেৰে তেখেতক আক্রমণ কৰে৷ কিন্তু এইবোৰ যে বাটৰ বকৰা, পাণৰ মকৰা, চূণৰ চোকোৰা শালী কৰি সনাতন ইতিমধ্যে প্রমাণ হৈছে৷ নিন্দুকক কর্মৰ যোগেদি তেখেতে সদায় উত্তৰ দি আহিছে৷ আমি সকলোৱে ভাবোঁ অসমত কিতাপ–পত্র, আলোচনী, বাতৰিকাকত পঢা মানুহৰ সংখ্যা কমিছে৷ সেই কথাটো আন প্রকাশকৰ ক্ষেত্রত মাত মাত্বি পৰাকৈ মোৰ জ্ঞান নাই৷ কিন্তু ‘নিয়মীয়া বার্তা’ৰ পাঠক কেইজনমানে বাতৰিকাকতৰ ভৱিষ্যতৰো ইংগিত দিয়া যেন লাগিছে৷ ভৱিষ্যতৰ মূল্যমান ৰক্ষিত হয় কর্ম্ব্যস্ততাৰ মাজেদি৷ সুস্থ ভৱিষ্যৎ গঢাৰ বাবে অন্ধকাৰ ভৱিষ্যতৰ ফালে গৈ থকা মানৱ জাতিক এটা চাকি জ্বলাব পৰা সৰু সৰু লোকো আছে৷ তাৰ ভিতৰত ৰিক্সাচালক, বাছৰ কণ্ডাক্টৰ, দৈনিক হাজিৰা কৰাসকলৰ একাংশ৷ এই কথাবোৰে মহাশ্বেতা দেৱীক অনা–নিয়া কৰা ৰিক্সাচালকজনৰ কথাও মনত পেলায়৷ এজন ৰিক্সাচালক৷ ঘৰ পলাশ্বাৰীৰ নিহাৰ গাঁৱত৷ তেওঁ চাইকেল ৰিক্সা দহ্বছৰমান চলালে, এতিয়া ই–ৰিক্সা চলায়৷ ল’ৰা এটা, ছোৱালী এজনী, পত্নীৰে সৈতে চাৰিজনীয়া পৰিয়াল৷ এই নতুন ৰিক্সাখন তেওঁ সাঁচতীয়া ধনেৰে কিনা৷ প্রতিদিনে তেওঁ নিয়মীয়া বার্তাখনৰ কাৰণে সুকীয়াকৈ টকা ৰাখে৷ তেওঁ কিনি পঢে আৰু নিজৰ সন্তানকো পঢ়্বিলৈ উদগনি দিয়ে৷ কথা প্রসংগত ক’লে বৰগোহাঞি ছাৰৰ সম্পাদনাত প্রকাশ পোৱা কাকত তেওঁ বহুবছৰ ধৰি পঢে৷ মাজুলীৰ ঘুণাসুঁতিৰ এজন দৈনিক হাজিৰা কৰা লোকে কৈছিল এই কথাবোৰ আগতে জনা হ’লে ভাল আছিল৷ এজন বাছৰ কণ্ডাক্টৰে পুৱাই উঠি ছয় বজাত টিউচন কৰে৷ আহোঁতে কাগজখন লৈ আহি ১৫ মিনিটত পঢি শেষ কৰি কামলৈ যায়, কামৰ পৰা আহি কাগজখন বিস্তৃতভাৱে পঢে৷ তেওঁ হেনো কটন কলেজত নাম লগাইছিল৷ এগৰাকী মেড্রিক পৰীক্ষাথ্, ঘৰ ছিপাঝাৰত, নামটো জ্ঞানশ্রী শইকীয়া৷ তেওঁ কাকত–আলোচনীৰ নিয়মীয়া পাঠক৷ এয়া বিস্ময় নহয়নে? গতিকে সকলো প্রত্যাহবান নেওচা দি বাতৰিকাকত জীয়াই থাকিব৷ কিতাপৰ ক্ষেত্রতো কথাটো তেনেকৈয়ে ভাবিব পাৰি৷ কিতাপৰ ব্যৱসায়টো উদ্যোগ ৰূপত প্রকাশকসকলে ল’ব পৰা নাই৷ চিহ্ণ ভাষাবিজ্ঞান Semiotics) আৰু সমাজ ভাষাবিজ্ঞানৰ মতে প্রকাশকজন উৎপাদক৷ কাগজক কেঁচা সামগ্রী বুলি ধৰা হয় যদিও কাৰখানাৰ কেঁচা সামগ্রী যোগান ধৰোঁতাজন লেখক, পাঠকসকল উপভোক্তা৷ অসমৰ বাহিৰে আন দেশত কিতাপ প্রকাশনক উদ্যোগ হিচাপে ধৰা হয়৷ ইউনেস্ক’ৰ গ্রন্থ চনদত Charter Of The Book) প্রকাশনক উদ্যোগ হিচাপে স্বীকৃতি দিছে৷ আন দেশত কিতাপ উদ্যোগৰ বাবে পাঠক আৰু পৰিৱেশকৰ সমীক্ষা চলোৱা হয়৷ এই উদ্যোগটোৰ গোটটো গঠিত হৈছে লেখক, পাঠক, মুদ্রক, প্রকাশক আৰু সমালোচকক লৈ৷ এই গোটটোৰ লেখক আৰু পাঠকৰ মাজৰ সংযোজকজন হ’ল প্রকাশক৷ তেওঁৰ এটা চকু লেখকৰ ওপৰত আৰু আনটো চকু পাঠকৰ ওপৰত অর্থা The publisher cast one eye on the writer the other on the public. কিন্তু অসমত প্রকাশকক কেৱল বিত্তান্বেষী ব্যৱসায়ী বুলিয়েই গণ্য কৰা হয়৷ প্রকৃততে সাহিত্য মন্দিৰৰ দুৱৰী হ’ল প্রকাশক, দুৱৰীয়ে বাট এৰি নিদিলে লেখকৰূপী পূজাৰীজন মন্দিৰত কেনেকৈ সোমাব? পাঠকৰ ৰুচি এক সংবেদনশীল গুণ বিশেষ৷ ৰুচি অধ্যয়নৰ প্রয়োজনীয়তা নথকা নহয়৷ অৱশ্যে প্রকাশক নিজেই এজন পাঠক৷ তেওঁ বিভিন্ন উৎসৰ পৰা পাঠকৰ পৰিসংখ্যা যুগুত কৰি গ্রন্থ প্রকাশ কৰে৷ ইংলেণ্ডৰ মাৰি লংমেন প্রকাশকৰ নাম নুশুনা লোক নাই৷ এনে প্রকাশকে পাঠকৰ ৰুচি জাগৰিত কৰে৷ কিন্তু আমাৰ প্রকাশকে কোনো কিতাপৰে বিজ্ঞাপন নিদিয়ে৷ ব্যক্তিগতভাৱে দেশ পত্রিকাখন কেৱল কিতাপৰ বিজ্ঞাপন চাবলৈকে হ’লেও সদায় কিনি আছোঁ৷ কেৱল গল্প–উপন্যাস আৰু কবিতাৰ মাজতেই আবদ্ধ নহৈ যুগ সচেতনতাৰ প্রতিও গুৰুত্ব দিব লাগ্বি৷ এখন কিতাপ মানুহে এবাৰহে কিনে৷ সেয়ে দ্বিতীয়খন পোৱাৰ ব্যৱস্থাও থাক্বি লাগ্বি৷ বৌদ্ধিক সম্পর্ক জন্ম দিলেও সুন্দৰ েবটুপাত, আকাৰ, পৃষ্ঠা, সাজসজ্জা আদি নয়নাভিৰাম হ’বই লাগ্বি৷ লগতে প্রকাশিত প্রতিখন গ্রন্থৰ সমালোচনাও বৰ প্রয়োজন৷ সমালোচক পোৱাও বৰ টান কাম৷ অৱশ্যে বেটুপতীয়া সমীক্ষা coverpage review) সহজে পোৱা যায়৷ বিশ্বৰ বৃহৎ বৃহৎ গ্রন্থমেলা, ভাৰতৰ দিল্লী আৰু কলিকতাৰ গ্রন্থমেলাত কিতাপৰ ভৱিষ্যৎ সম্পর্কে আলোচনা হোৱাৰ তথ্য পাইছোঁ লগতে বাহিৰত গ্রন্থপ্রেমীৰ দীঘল শাৰীও দেখিছোঁ৷ কিতাপৰ গ্রাহক নাই বুলি কোনে ক’ব৷ এতিয়াও কলিকতাৰ নেচনেল লাইব্রেৰী, ভাণ্ডাৰকাৰ অৰিয়েণ্টেল, ওছমানিয়া বিশ্ববিদ্যালয়, মহীশূৰৰ ভাৰতীয় ভাষাৰ চর্চা কেন্দ্র, CIIL) আদিত শ শ লোকে পছন্দৰ কিতাপ পঢি থকাৰ খবৰ পাওঁ৷ অসমৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পুথিভঁৰালবোৰত ছাত্র–ছাত্রীৰ গভীৰ অধ্যয়নৰত অৱস্থা দেখিছোঁ৷ সেয়ে তথ্য আৰু জ্ঞান লাভৰ সহজ মাধ্যমে মানুহক ৰসানন্দ উপভোগৰ পৰা বঞ্চিত কৰিব৷ গ্রন্থই মানুহক নম্র, সদাচাৰী কৰে, শ্রম আৰু জীৱনৰ আনন্দ উপভোগ কৰিবলৈ শিকায়৷ শ্রেষ্ঠসকলৰ প্রতি নম্র হোৱাটো কর্ত্ব্য৷ সন্মানীয়ৰ প্রতি নম্র হোৱাটো শিষ্টাচাৰ, নীচস্থসকলৰ প্রতি নম্র হোৱাটো মহত্ত্ব৷ এই গুণৰ অধিকাৰী কৰিব পাৰে গ্রন্থই৷ কিয়নো নম্রতাৰ গচকত জ্ঞানেও অধিক উজ্জ্বল পোহৰ দিয়ে৷ গতিকে কিতাপ পঢাৰ বিমল আনন্দৰ বিকল্প নাই৷ যান্ত্রিকতাই অবাক কৰিব পাৰে৷ চমক সৃষ্টি কৰিব পাৰে৷ কিন্তু জীৱনৰ সংগী হ’ব নোৱাৰে৷ কিতাপেই একমাত্র সম্পদ, যি কেতিয়াও বিশ্বাসঘাতকতা নকৰে৷ মৃত্যুৰ মুহূর্তলৈকে জীৱনৰ সংগী আৰু উপভোগৰ সম্পদ হৈ সদায় থাকিব৷ মূল্য্বৃদ্ধিৰ বাবে পাঠকে কিতাপ নিকিনাকৈ নাথাকে৷ এই কথা সময়ত প্রযোজ্য হ’ব বুলি ভাবোঁ৷ অৱশ্যে এচামে নিজৰ সন্তানক মাছ–মঙহ ফলমূল খুৱাই শকত–আবত কৰে কিন্তু মগজুৰ স্বাস্থ্যৰ কথা নাভাবে৷ সন্তানক অর্থ উপার্জনৰ আহিলাৰূপে গণ্য কৰে৷ নামী–দামী বিদ্যালয়ত পঢুৱাবলৈ ধন খটুৱায়, ফলাফল ভাল হ’লে লাভ নহ’লে লোকচান৷ সেইসকল ব্যৱসায়ীক আমাৰ আলোচনালৈ অনা নাই৷ গ্রন্থ–সংস্কৃতি তেওঁলোকৰ নাই৷ কিতাপ কেতিয়াও অতীত নহয়৷ বর্তমানৰ নিয়ন্ত্রণতেই কিতাপৰ সৌৰভ সময়ে নিশ্চয় নিৰূপণ কৰিব৷ কিয়নো কিতাপ এজন মহতোমহীয়ান শিক্ষক৷ ৱিকিপিডিয়াৰ শিক্ষক কিন্তু হূদয়ৰ আকুতিহীন, বন্ধ্যা, কথাটো ফুট্বল খেল চাই পোৱা আনন্দৰ দৰে হ’ব যেন লাগে৷ Share