নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ খৰখৰীত মাহিন্দ্ৰা এক্স ইউ ভি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিলে গছত

নিয়মীয়া বাৰ্তা, ২৩ মেঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত খৰখৰীত আজি পুৱা প্ৰায় ৮ বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে, মানকাছাৰৰ পৰা গুৱাহাটী অভিমুখে অহা এ এছ ০১ বি ওৱাই ১৯৯৯ নম্বৰৰ মাহিন্দ্ৰা এক্স ইউ ভি গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই খৰখৰীত এডাল গছত তীব্ৰ জোৰে খুন্দা মৰাৰ ফলত গাড়ীখনত থকা থকা দুজন লোক কিছু পৰিমাণে আহত হয় । আহত লোক দুজনক ততাতৈয়াকৈ ৰাইজৰ সহযোগত ছয়গাঁও আৰক্ষীয়ে ছয়গাঁও প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰলৈ লৈ আহে । আহত লোক দুজন দক্ষিণ শালমাৰা জিলাৰ বালিগাঁৱৰ আব্দুল হালীম আৰু মনিৰুল হুছেইন বুলি জানিব পৰা গৈছে ।

You might also like