নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰতাক সুৰক্ষিত কৰি ৰাখিবলৈ আমাৰ চৰকাৰ সম্পূৰ্ণৰূপে দায়ৱদ্ধ। বিভাগীয় মন্ত্ৰী শ্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক দিহিং পাটকাই অভয়াৰণ্য পৰিদর্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ ল’বলৈ মই নিৰ্দেশ দিছোঁ। তেখেতৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব ।”- শুকুৰবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ সময়ত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সকলো ব্যৱস্থাৰ বিতংভাৱে বুজ লয়। এই কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ ডিব্ৰুগড়ৰ এম ডি কে জি কলেজ আৰু ডি এইছ এছ কে কলেজ, ডিকমস্থিত পাৱৰ্তী দেৱী মধ্য ইংৰাজী বিদ্যালয় আৰু চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হৈছে।ইপিনে দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা অসমৰ লোকসকলক সুকলমে ৰাজ্যখনলৈ ওভতাই অনাৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লগতে, এই জটিল সময়ত ক’ভিড-১৯ৰ নীতি-নিয়ম আৰু সামাজিক দূৰত্ব মানি চলিবলৈ তেখেতে সকলোকে আহ্বান জনায়।

You might also like