নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত ক’ভিড–১৯ত আক্রান্ত ১৬৬৬ আৰক্ষী

নিয়মীয়া বাৰ্তা, ২৪ মেঃ দেশৰ ভিতৰতে ক’ভিড–১৯ত সর্বাধিক আক্রান্ত আৰু প্রাণ হেৰুওৱা মহাৰাষ্ট্রত আক্রান্তৰ তালিকাত আছে আৰক্ষীৰ লোক৷ ৰাজ্যখনত ১৬৬৬ জন আৰক্ষীৰ জোৱান ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ১৮গৰাকীয়ে৷ মুম্বাই আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে টুইটযোগে প্রকাশ কৰা মতে, ৰাজ্যখনত আৰক্ষীৰ আক্রান্তৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাই আছে৷ ক’ৰোনা যুঁজাৰু হিচাপে জনতাৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ জোৱান ক’ভিড–১৯ত আক্রান্ত হোৱা বিষয়টোৱে উদ্বিগ্ণ কৰি তুলিলেও অহৰহ সেৱা আগবঢ়াই আছে তেওঁলোকে৷

You might also like