ধুবুৰীত বংগ সীমান্তৰ ভিতৰুৱা পথ বন্ধ
নিয়মীয়া বাৰ্তা, ২৪ মেঃ ধুবুৰী জিলাত বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিৰ সোঁত অৱ্যাহত আছে৷ জিলাখনৰ মুঠ ১০৫টা কোৱাৰেণ্টাইন শিবিৰত মুঠ ১১,২৩৭ গৰাকী ব্যক্তিক ৰখাত বিপৰীতে বিগত মার্চ মাহৰ পৰা এতিয়ালৈকে জিলাখনৰ মুঠ ৮০৭১গৰাকী ব্যক্তিক ‘হোম কোৱাৰেণ্টইন’ কৰা বুলিও জানিব পৰা গৈছে৷ কেৱল আজিৰ দিনটোতে ১৯৭২গৰাকী ব্যক্তিক ৰাজহুৱা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰা বুলি প্রকাশ৷ আনহাতে বর্তমানে জিলাখনৰ বিভিন্ন চেণ্টাৰত মোতায়েন কৰিবলৈ জিলাখনৰ আৰক্ষী বিভাগৰ পর্যাপ্ত লোকৰ অভাৱ ঘটা বুলিও জানিব পৰা গৈছে৷ ইপিনে ধুবুৰী জিলাৰ অসম–বংগ সীমান্তৰ ভিতৰুৱা গাঁৱলীয়া পথবোৰেৰে যাতে বহিঃৰাজ্যৰ পৰা লোক আহি অসমত প্রৱেশ কৰিব নোৱাৰে তাৰ বাবে স্থানীয় গাঁৱৰ ৰাইজৰ সহযোগত ভিতৰুৱা পথসমূহ বন্ধ কৰাৰ বাবে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা লোৱাটো পোহৰলৈ আহিছে৷