ভয়াৱহ ৰূপত উলংঘা সামাজিক দূৰত্ব
নিয়মীয়া বাৰ্তা, ২৪ মেঃ সামাজিক দূৰত্বৰ বিধি ধোঁৱাচাঙত উঠিল তামুলপুৰ মহকুমাৰ নাগ্রীজুলিত৷ নাগ্রীজুলিত বিদ্যুতৰ বিল আদায় লোৱা এটা কেন্দ্রত গাত গা লগাই বিল আদায় দিয়াৰ বাবে কাউণ্টাৰৰ সম্মুখত থিয় দি লকডাউন অমান্য কৰাৰ ভয়াৱহ দৃশ্য দেখা পোৱা গ’ল৷ বিল আদায় দিয়াৰ সময়ত একাংশ গ্রাহক আনকি মাস্ক পৰিধান নকৰাকৈয়ে ভিৰ কৰে৷ ইয়াৰ উপৰি নাগ্রীজুলি সাপ্তাহিক বজাৰতো দেখা গ’ল একেই দৃশ্য৷ লকডাউন অমান্য কৰি মাস্ক পৰিধান নকৰাকৈয়ে বহু গ্রাহকক বজাৰত ঘূৰি ফুৰা দেখা গৈছে৷ বৃদ্ধৰ পৰা শিশুলৈকে সকলোৱে লকডাউন অমান্য কৰি আজি বজাৰত কৰা অভাৱনীয় ভিৰে অঞ্চলটোলৈ যে ভয়াৱহ বিপদ কঢ়িয়াই আনিব পাৰে তাকে লৈ অঞ্চলটোৰ সচেতন ৰাইজ শংকিত হৈ পৰিছে৷ আৰক্ষী প্রশাসনৰ নির্দেশ অমান্য কৰি এইদৰে একাংশই মাস্ক পৰিধান নকৰাকৈয়ে মুক্তভাৱে বিচৰণ কৰি থকা লোকসকলক সংবাদ মাধ্যমৰ লোক আৰু স্থানীয় গাঁওবুঢ়া কুমুদ দাসে মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ কৰা কার্যক অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্রশংসা কৰিছে৷ ইপিনে এই খবৰ লাভ কৰি নাগ্রীজুলি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া কৈলাশ মালাকৰৰ নেতৃত্বত অহা এটি আৰক্ষীৰ দলে নাগ্রীজুলি বজাৰত উপস্থিত হৈ লকডাউন অমান্য কৰা ব্যক্তিসকলক বজাৰৰ পৰা খেদি দিয়ে৷ লকডাউন অমান্য কৰি এনেদৰে অঞ্চলটোৰ ৰাইজে মুক্তভাৱে বিচৰণ কৰিলে নাগ্রীজুলি অঞ্চলটোলৈ যে ভয়াৱহ বিপদ আহিব সেয়া নিশ্চিত বুলি মত প্রকাশ কৰিছে এচামে৷ এইক্ষেত্রত আৰক্ষী প্রশাসনক অধিক কঠোৰ স্থিতি গ্রহণ কৰাৰ বাবে অনুৰোধ জনাইছে৷