নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোহালিত পৰিণত সুধাকণ্ঠৰ মুকলি মঞ্চ

নিয়মীয়া বাৰ্তা, ২৪ মেঃ তদানীন্তন কংগ্রেছ চৰকাৰৰ দিনত বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ স্মৃতি অসমবাসীৰ মাজত সজীৱ কৰি ৰাখিবলৈ ৰাজ্যখনৰ ২১৯ টা উন্নয়ন খণ্ড এলেকাত মুকলি মঞ্চ আৰু উদ্যান নির্মাণৰ আঁচনি গ্রহণ কৰা হৈছিল৷ সেইমর্মে কামৰূপ মহানগৰ জিলাৰ চন্দ্রপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত তাঁতীমাৰা গাঁৱত ড০ ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আৰু উদ্যান নির্মাণৰ কাম আৰম্ভ হৈছিল৷ কিন্তু অতি পৰিতাপৰ কথা যে চন্দ্রপুৰ গাঁও পঞ্চায়ত এলেকাত সুধাকণ্ঠৰ নামত নির্মাণ কৰিবলৈ লোৱা মুকলি মঞ্চ আৰু উদ্যানখন আজি ছবছৰে অর্ধনির্মিত অৱস্থাতে পৰি ৰ’ল৷ ছবছৰে সম্পূর্ণ নোহোৱা মুকলি মঞ্চ আৰু উদ্যান চৌহদত হাবি–জংঘলে আৱৰি পেলোৱাৰ লগতে আৱর্জনা পেলোৱা ডাষ্টবিনত পৰিণত হৈছে৷

আনকি মঞ্চখনৰ তল ভাগত একাংশ ব্যক্তিয়ে গৰু বান্ধি গোহালিলৈ ৰূপান্তৰ কৰিছে মুকলি মঞ্চখন৷ উদ্যানৰ নামত আজিলৈ ভালকৈ এজোপা গছো ৰোপণ কৰা নাই, চৌহদত নাই কোনো বেৰৰ ব্যৱস্থা৷ আন একাংশ অসচেতন ব্যক্তিয়ে আকৌ ঘৰুৱা লেতেৰা আৱর্জনা পেলাবলৈ আৰম্ভ কৰিছে চৌহদটোত, যাৰ বাবে এক কদর্যময় পৰিৱেশৰ সৃষ্টি হৈছে মুকলি মঞ্চ আৰু উদ্যান চৌহদত৷ উল্লেখ্য যে কংগ্রেছ চৰকাৰৰ তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে সুধাকণ্ঠৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ বিগত ২০১৪ বর্ষতে মুখ্যমন্ত্রীৰ সপোনৰ প্রকল্প বুলি এই অভিলাষী আঁচনি এখন ঘোষণা কৰিছিল৷ আঁচনিখনৰ জৰিয়তে প্রতিটো উন্নয়ন খণ্ডত ২৫ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা মুকলি মঞ্চ আৰু উদ্যানৰ কাম আধাৰশিলা স্থাপনৰ এবছৰৰ ভিতৰতে সম্পূর্ণ কৰিবলৈ নির্দেশ দিছিল৷

প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে সেইমর্মে চন্দ্রপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত তাঁতীমাৰা গাঁৱত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ আধাৰশিলা ২০১৪ চনৰ ৫ নৱেম্বৰত সেই সময়ৰ স্থানীয় বিধায়ক অকণ বৰাৰ উপস্থিতিত স্থানীয় শিল্পী ভূপেন হালৈয়ে স্থাপন কৰিছিল৷ কিন্তু অতি দুখৰ বিষয় যে এবছৰ, দুবছৰ নহয়, সম্পূর্ণ ছটাকৈ বছৰ অতিক্রম কৰিবৰ হ’ল যদিও চৰকাৰ অনীহা, বিভাগীয় কর্তৃপক্ষৰ অকর্মণ্যতাৰ বাবে আজিও মুকলি মঞ্চ আৰু উদ্যানখনে কার্যত বাস্তৱ ৰূপ নাপালে৷ বিগত ছবছৰেও সুধাকণ্ঠৰ স্মৃতি হাবি–জংঘলে আৱৰি থকাৰ পিছতো কিন্তু বর্তমানৰ ৰাজ্য চৰকাৰখনে কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ এইদৰে সুধাকণ্ঠৰ স্মৃতিক চৰম অপমান কৰাৰ পিছতো নিমাত হৈ আছে জাতীয় দল–সংগঠনসমূহ৷ একমাত্র সুধাকণ্ঠৰ জন্মতিথি আৰু মৃত্যু দিৱসৰ দিনাই কেইগছিমান বন্তি প্রজ্বলন আৰু সুধাকণ্ঠৰ প্রতিচ্ছবিত ফুলৰ মালা আঁৰি দিয়াটোৱেই ৰাজ্য চৰকাৰ তথা অসমীয়া জাতিৰ দায়িত্ব শেষ নেকি সেয়া বিবেচনাৰ বিষয়৷

You might also like