মহানগৰীৰ খাৰঘূলিত ভূমিস্খলন
নিয়মীয়া বাৰ্তা, ২৪ মেঃ ৰাজ্যত যোৱা তিনি দিন ধৰি হাৱা চিপচিপীয়া বৰষুণৰ পিছতে আজি মহানগৰীৰ খাৰঘুলিৰ বনকোঁৱৰ পথত ভূমিস্খলন হয়৷ পথটোৰ লগতে পাহাৰৰ টিলাত ঘৰ বন্ধা পৰিয়াল এটাৰ পিছফালে ভূমিস্খলন হয়৷ বিশেষকৈ বনকোঁৱৰ পথৰ মাটি খহি নপৰিবলৈ ১৫ ইঞ্চিৰ গার্ড ৱাল দিয়া হৈছিল যদিও ভূমিস্খলনৰ ফলত পথটোৰ একাংশ মাটি খহি পৰে৷ বনকোঁৱৰ পথৰ দুঠাইত আৰু পাহাৰৰ টিলাত ঘৰ বান্ধি বসবাস কৰা পৰিয়ালটোকে ধৰি অঞ্চলটোত আজি তিনি ঠাইত ভূমিস্খলন হয়৷ উল্লেখ্য যে ভূমিস্খলন হোৱাৰ সময়ত পাহাৰত বসবাস কৰা পৰিয়ালটোৰ কোনো লোক ঘৰত নাছিল৷ অঞ্চলটোত আজি ভূমিস্খলন হোৱাৰ পিছতে স্থানীয় একাংশ লোক আতংকিত হৈ পৰিছে৷ স্মর্তব্য যে জিলা প্রশাসনে খাৰঘুলিৰ উক্ত অঞ্চলটো ইতিপূর্বে ভূমিস্খলনপ্রৱণ অঞ্চল হিচাপে ঘোষণা কৰিছে আৰু সেই বিপজ্জনক ঠাইত ঘৰ বান্ধি নাথাকিবলৈ আহ্বান জনাইছিল৷ কিন্তু ইয়াৰ পিছতো একাংশ লোকে প্রশাসনৰ আহ্বানক নেওচা দি ঘৰ বান্ধি থাকিবলৈ লয়৷ ফলত ভূমিস্খলনৰ আশংকাত অঞ্চলটোৰ একাংশ লোক আতংকিত হৈ পৰিছে৷ সময় থাকোঁতে সাৱধানতা অৱলম্বন নকৰিলে অঞ্চলটোৰ একাংশ লোক বিপদত পৰাটো অনিবার্য হৈ পৰিছে।