নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত দীর্ঘদিনলৈ অনুষ্ঠিত নহয় ক্রীড়া ইভেণ্ট

নিয়মীয়া বাৰ্তা, ২৪ মেঃ মহামাৰী ক’ভিড–১৯এ সৃষ্টি কৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অতি শীঘ্রে ভাৰতত কোনো আন্তঃৰাষ্ট্রীয় ক্রীড়া ইভেণ্ট অনুষ্ঠিত নহয় আৰু বন্ধ ষ্টেডিয়ামত ক্রীড়াৰ সৈতে জড়িত কার্যকলাপ অনুষ্ঠিত হোৱাটো এক স্বাভাৱিক প্রক্রিয়া হৈ পৰিব৷ এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে দেশৰ ক্রীড়ামন্ত্রী কিৰেন ৰিজিজুৱে৷ ‘দেশত ক্রীড়া পুনৰ আৰম্ভ কৰিবলৈ আমি কিছুদিনৰ পৰা চেষ্টা চলাই আছোঁ৷ কিন্তু ইয়াৰ পূর্বে আমি খেলুৱৈসকলৰ অনুশীলন আৰু প্রস্তুতি শিবিৰ আয়োজন কৰিব লাগিব৷ খেলুৱৈসকলৰ অনুশীলন প্রক্রিয়া অব্যাহত থাকিব যদিও অতি শীঘ্রে ভাৰতত কোনো আন্তঃৰাষ্ট্রীয় ইভেণ্ট অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই৷ দর্শক শূন্য ষ্টেডিয়ামত মেচ অনুষ্ঠিত কৰাটো এক নিয়মীয়া পৰিঘটনাত পৰিণত হ’ব৷’ –কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকীয়ে এইদৰে কয়৷ মন কৰিবলগীয়া যে ক্রীড়ামন্ত্রী কিৰেন ৰিজিজুৰ এই মন্তব্য আই পি এল কর্তৃপক্ষৰ বাবে অত্যন্ত তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ কিয়নো, সম্প্রতি স্থগিত হৈ থকা বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল অহা ছেপ্ঢেম্বৰ–ক্টোবৰৰ্ ভিতৰত আয়োজন কৰিবলৈ ব’র্ডে চিন্তা–চর্চা কৰি আছে৷

You might also like