প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক দিয়া হ’ব টিভি চেনেলযোগে পাঠদান
নিয়মীয়া বাৰ্তা, ২৪ মেঃ ক’ভিড-১৯-এ ৰাজ্যৰ শিক্ষাখণ্ডলৈ নমাই অনা স্থবিৰতাক লৈ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকল চিন্তিত হৈ থকাৰ সময়তে শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। লকডাউনৰ বাবে পাঠগ্ৰহণৰ পৰা বঞ্চিত হৈ থকা ছাত্ৰ-ছাত্ৰীসকলে বিকল্প ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ ধাৰাবাহিকতা বজাই ৰখাৰ লক্ষ্যৰে টিভি চেনেল প্রাগ নিউজৰ সহযোগত আৰম্ভ কৰিব বিচৰা হৈছে এক শৈক্ষিক টিভি চেনেল ৷
এই উদ্দেশ্যে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি উদ্বোধন কৰে ‘জ্ঞানবৃক্ষ’ নামৰ এক টিভি চেনেল৷ মহানগৰীৰ কাহিলিপাৰাস্থিত সর্বশিক্ষা মিছন সঞ্চালকালয়ৰ কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই জ্ঞানবৃক্ষ চেনেলটো উদ্বোধন কৰি কয়– এই জ্ঞানবৃক্ষ চেনেলটো হ’ব সম্পূর্ণ এখন স্কুলৰ দৰে৷ লকডাউনৰ সময়ত ইয়াক উচিত ধৰণে ব্যৱহাৰ কৰি ছাত্র–ছাত্রীসকলে শ্রেণীৰ পাঠ ল’বলৈ সক্ষম হোৱাৰ লগতে যোৱা সময়ছোৱাত ক্ষতি হোৱা শ্রেণীসমূহ পূৰণ কৰিব পাৰিব৷ উল্লেখ্য যে ‘কেব্ল’ৰ জৰিয়তে ১২ নম্বৰত উপলব্ধ হ’ব লগা জ্ঞানবৃক্ষ চেনেলৰ জৰিয়তে প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ বিদ্যায়তনিক আৰু প্রতিযোগিতা সম্পর্কীয় কৌশল বিকাশ চেষ্টা চলোৱা হ’ব৷
‘জ্ঞানবৃক্ষ’ চেনেলৰ উদ্বোধনৰ পিছত সংবাদ মাধ্যমক এই সন্দর্ভত তথ্য সদৰী কৰি শিক্ষামন্ত্রী ড০ শর্মাই কয়– প্রাগ চেনেলৰ জৰিয়তে প্রচাৰ হ’ব লগা ‘জ্ঞানবৃক্ষ’ চেনেলটোৰ দ্বাৰা শৈক্ষিক দিনপঞ্জী অনুসৰি বিভিন্ন বিষয়ৰ পাৰদর্শী শিক্ষক আৰু শিক্ষক প্রশিক্ষকৰ জৰিয়তে পোনপটীয়া পাঠদান প্রদান কৰা হ’ব৷ এই চেনেলত ছেবাৰ দ্বাৰা প্রচলিত পাঠ্যক্রম অনুসৰি প্রতিটো বিষয়ৰ পাঠদান বিদ্যালয়ৰ সময়তে চলিব৷ তদুপৰি এই চেনেলৰ জৰিয়তে বিভিন্ন বিষয়ৰ বাণীবদ্ধ আৰু চিত্রভিত্তিক পাঠদান সময়ে সময়ে সম্প্রচাৰ কৰা হ’ব৷ ইফালে, শিক্ষা বিভাগে ষষ্ঠ শ্রেণীৰ পৰা দশম শ্রেণীলৈ পাঠদানৰ বাবে আৰম্ভ কৰা ‘বিশ্ববিদ্যা’ নামৰ ইউটিউব চেনেল সন্দর্ভত মন্ত্রী ড০ শর্মাই কয়– ইয়াৰ দ্বাৰা ষষ্ঠ শ্রেণীৰ পৰা দশম শ্রেণীলৈ ছাত্র–ছাত্রীসকলক বিশেষকৈ গণিত, বিজ্ঞান আৰু ইংৰাজীৰ পাঠদান দিয়া হৈছে৷
ইতিমধ্যে ইয়াৰ বাবে এটা ‘এপ’ও মুকলি কৰা হৈছে৷ সমান্তৰালভাৱে আন আন পাঠ্যক্রমসমূহো এই এপটোত অন্তর্ভুক্ত কৰা হৈছে৷ ছাত্র–ছাত্রীসকল বিশেষভাৱে এই ইউটিউব চেনেলৰ দ্বাৰা উপকৃত হোৱা বাবে ইয়াক ডাউনলোড কৰা ছাত্র–ছাত্রীৰ সংখ্যা বৃদ্ধি পাইছে৷ তদুপৰি ২৭ এপ্রিলৰ পৰা অসমৰ অনাতাঁৰ কেন্দ্রসমূহৰ জৰিয়তে অসমীয়া, বাংলা আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ বাবে পাঠদান কার্যসূচী প্রচাৰ কৰা হৈছে৷ একেদৰে কেন্দ্রীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে মুকলি কৰা ‘দীক্ষা’ নামৰ প’র্টেল আৰু ম’বাইল এপত প্রথম শ্রেণীৰ পৰা দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ সহায় হোৱাকৈ অসমীয়া, ইংৰাজী, বাংলা, বড়ো আৰু হিন্দী পাঠ্যক্রম অন্তর্ভুক্ত কৰা হৈছে৷ অভিজ্ঞ শিক্ষকৰ দ্বাৰা এই পাঠ্যক্রমসমূহ অন্তর্ভুক্ত কৰাৰ লগতে দীক্ষা এপ ছাত্র–ছাত্রীসকলে যাতে গ্রহণ কৰে, তাৰ বাবে এক সমীক্ষা চলোৱা হৈছিল৷ যাৰ বাবে ৩.৫ লাখ ছাত্র–ছাত্রীয়ে যোৱা লকডাউনৰ সময়ত এই এপ ডাউনলোড কৰিছে৷
শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষৰ পাঠ্যপুথিসমূহ ইতিমধ্যে বিদ্যালয়লৈ প্রেৰণ কৰা হৈছে৷ ২৭ এপ্রিলৰ পিছত উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰে হওক বা দ্বিতীয় বর্ষৰে হওক ছাত্র–ছাত্রীসকলে বিনামূলীয়া পাঠ্যপুথি সংগ্রহ কৰিব পাৰিব৷ তেওঁ কয়– লকডাউনৰ বাবে উচ্চ শ্রেণীৰ ছাত্র–ছাত্রীসকলৰ পাঠদান ক্ষতি হোৱাটো চৰকাৰে বিশেষভাৱে চিন্তা–চর্চা কৰিছে৷ সেয়েহে দশম আৰু দ্বাদশ শ্রেণীসমূহ আৰম্ভ কৰিব পাৰি নেকি, তাৰ বাবে কেন্দ্রীয় চৰকাৰৰ সৈতে আলোচনা আৰম্ভ কৰিছে৷ আনহাতে শিক্ষাবর্ষ এপ্রিল মাহৰ পৰা মার্চ মাহলৈ নিয়াৰ বাবে চৰকাৰে গ্রহণ কৰিব খোজা চিন্তা–চর্চাৰ ওপৰত ৰাইজৰ মতামত লৈ থকা হৈছে৷ ৩০ মে’ৰ ভিতৰত এই মতামত দিব পাৰিব৷ আন এক বিষয় উত্থাপন কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে লকডাউনৰ সময়ছোৱাত যাতে ছাত্র–ছাত্রীসকলে তেওঁলোকৰ প্রতিভা বিকাশৰ সুযোগ পায়, তাৰ বাবে শিক্ষা বিভাগে এক প্রতিযোগিতাৰ আয়োজন কৰিছে৷
প্রতিটো শ্রেণীৰ বাবে একোটা বিষয় স্থিৰ কৰি ৰচনা প্রতিযোগিতা অনুষ্ঠিত কৰা হৈছে৷ ইয়াৰ বাবে বিজয়ীজনক দহ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ’ব৷ মন কৰিবলগীয়া যে জ্ঞানবৃক্ষ এই চেনেলটো স্থাপনৰ ক্ষেত্রত বিশেষভাৱে আগভাগ লৈছে প্রাগ নিউজ চেনেলৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে৷ সর্বশিক্ষা মিছন অভিযানৰ সহায়ত সম্পূর্ণ বিনামূলীয়াকৈ শিক্ষা বিভাগলৈ এই চেনেলটো আগবঢ়োৱাৰ বাবে শিক্ষামন্ত্রী ড০ শর্মাই সঞ্জীৱ নাৰায়ণক বিশেষভাৱে শলাগ লয়৷ আজি অনুষ্ঠানত ৰাজ্যিক শিক্ষামন্ত্রী ভবেশ কলিতা, সর্বশিক্ষা মিছন সঞ্চালক কল্যাণ চক্রৱর্তী, ইউনিচেফৰ অসম শাখাৰ মুৰব্বী ডাঃ মধুলিকা জনাথনৰ লগতে শিক্ষা বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷