নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যফেৰতৰ স্রোত বন্ধ নহ’লে বিনা চিকিৎসাত থাকিব লাগিব কোৱাৰেণ্টাইনত

নিয়মীয়া বাৰ্তা ২৪ মেঃ ভয়ংকৰ দিশে ধাৱমান হৈছে অসম। লকডাউনৰ বাবে বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা লোকসকল জাকে জাকে অসমলৈ আহি থকাৰ পৰিপ্ৰেক্ষিততে অন্য এক সংকটৰ দিশে গতি কৰিছে ৰাজ্যখন। ইতিমধ্যে বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ ৮০ শতাংশৰ দেহতেই ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাত স্বাভাৱিকতেই চিকিৎসালয়ত বিছনাৰ সংখ্যাও কমি আহিছে৷ গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ক’ভিড–১৯ ৰোগী ৰখাৰ বাবে এতিয়া এখনো বিছনা খালী নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত স্বাস্থ্য বিভাগে আজিৰে পৰা ক’ভিড–১৯ত আক্রান্ত ৰোগীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু কালাপাহাৰ হাস্পতালত ৰখাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে৷ এনে সংকটপূর্ণ অৱস্থাৰ মাজতো বহিঃৰাজ্যৰ পৰা এতিয়াও জাকে জাকে মানুহ অসমলৈ আহিয়েই আছে৷ ৰে’লৰ উপৰি বিভিন্নজনে নিজাববীয়াকৈ বাছ, ট্রাক ভাৰা কৰি অসমত উপস্থিত হৈছে৷ শনিবাৰে দিনটোতো সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্রলৈ আহিছে বহিঃৰাজ্যৰ পৰা বহু লোক৷ অকল তামিলনাডু, বিহাৰ, উত্তৰ প্রদেশৰ পৰাই প্রায় ৩ শতাধিক লোক গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্রত উপস্থিত হয়৷ শ্রীৰামপুৰ, ছাগলীয়াতো জাকে জাকে বহিঃৰাজ্যৰ মানুহ প্রতিদিনে আহি আছে৷ এহাতে হাস্পতালত ক’ভিড–১৯ ৰোগী ৰখাৰ বাবে বিছনাৰ সংখ্যা যিদৰে কমি আহিছে, সেইদৰে কোৱাৰেণ্টাইন কেন্দ্রসমূহত দিনে দিনে মানুহৰ সংখ্যা বৃদ্ধি পাইছে৷ পৰিস্থিতি এতিয়া এনে পর্যায়ত উপনীত হৈছে যে বহিঃৰাজ্যৰ পৰা মানুহ অহাটো তৎকালে বন্ধ নহ’লে কিছুদিন পিছত হাস্পতালত বিছনাৰ অভাৱৰ বাবেই ক’ভিড–১৯ত আক্রান্তই কোৱাৰেণ্টাইন কেন্দ্রতেই ৰোগ ধৰা পৰাৰ পিছতো চিকিৎসালয়ৰ বিছনা খালী হোৱালৈ অপেক্ষা কৰিব লগা পৰিস্থিতিৰো উদ্ভৱ হোৱাৰ আশংকা উলাই কৰিব নোৱাৰি৷ তেনে পৰিস্থিতি আহি পৰিলে সুস্থ অৱস্থাত থকাসকলো যে সংক্রমণৰ চিকাৰ হ’ব, সেয়া সহজেই অনুমেয়৷ এনে আশংকা কৰিয়েই স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা কেইবাদিন ধৰি বহিঃৰাজ্যত থকা অসমৰ লোকসকলক পৰাপক্ষত এই মুহূর্তত অসমলৈ অহাৰ সিদ্ধান্ত পৰিহাৰ কৰিবলৈ আহ্বান জনাই আহিছে৷ গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মায়ো জনসাধাৰণক অনুৰূপ আহ্বান জনাই কয় যে বর্তমান চিকিৎসালয়ত যিদৰে বিছনাৰ সংখ্যা কমি আহিছে, সেয়ে এই মুহূর্তত একেলগে সকলোৱে অসমলৈ অহাৰ পৰিৱর্তে পর্যায়ক্রমে অহাটোহে সমীচীন হ’ব৷ একে সময়তে সকলো ৰাজ্যখনত উপস্থিত হ’লে ক’ভিড–১৯ত আক্রান্ত হোৱাসকলক চিকিৎসা সেৱা প্রদানতেই সমস্যাৰ উদ্ভৱ হ’ব৷ সাম্প্রতিক জটিল পৰিস্থিতিলৈ চাই বহিঃৰাজ্যত থকা অসমৰ লোকসকলে ৰাজ্যলৈ উভতি অহাৰ ক্ষেত্রত নিজকে নিয়ন্ত্রণ নকৰিলে গৃহভূমিলৈ আহি আন এক ভয়ংকৰ বিপর্যয়ৰ সন্মুখীন হোৱাটো আজিৰ তাৰিখত নিশ্চিত বুলিব পাৰি৷

You might also like