হোম কোৱাৰেণ্টাইনত থকা মহিলাৰ মৃত্যু
নিয়মীয়া বাৰ্তা ২৪ মেঃ সোণাৰিত দুদিন পূৰ্বে দুজন কৰোনা ৰোগী চিনাক্ত হোৱাৰ পিছতে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ মাজতে কালি নিশা হোম কোৱাৰেণ্টাইনত থকা এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তুলিছে৷ প্রাপ্ত তথ্য মতে, সোণাৰি নগৰৰ ৩নং ৱার্ড নিৱাসী আকাশ বৈদ্য যোৱা ১৮ মে’ত বহিঃৰাজ্যৰ পৰা আহি সোণাৰি মহাবিদ্যালয়ত কোৱাৰেণ্টাইন চেণ্টাৰত থাকি তাৰ পৰা প্রশাসনে ঘৰলৈ আনি হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল৷ উক্ত দিনাই সোণাৰি মহাবিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰলৈ ইতিমধ্যে ক’ৰোনা পজিটিভ বুলি চিনাক্ত হোৱা বিমলা দেৱী আৰু ভাস্কৰ লাহনকো প্রশাসনে ৰখাৰ ব্যৱস্থা কৰিছিল৷ ইপিনে, আকাশ বৈদ্যৰ ঘৰৰ সমীপতে বিমলা দেৱীৰ বাসগৃহ৷ কালি নিশা প্রায় ৯ বজাত হোম কোৱাৰেণ্টাইনত থকা আকাশ বৈদ্যৰ বৃদ্ধা মাতৃ মণি বৈদ্য হঠাৎ অসুস্থ হৈ পৰে৷ বুকুৰ বিষত আক্রান্ত হৈ ছটফটাই থকা মহিলাগৰাকীক চিকিৎসালয়লৈ নিবলৈ বহুবাৰ ১০৮ সেৱালৈ ফোন কৰে যদিও এম্বুলেঞ্চ আহি নোপোৱাত মহিলাগৰাকীৰ ঘৰতে মৃত্যু হয়৷ মহিলাগৰাকী হোম কোৱাৰেণ্টাইনত মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে প্রশাসনক অৱগত কৰে যদিও আকাশ বৈদ্যৰ ঘৰত কোনো বিভাগীয় কর্তৃপক্ষই উপস্থিত নহ’ল৷ আজি দুপৰীয়া উপায়ান্তৰ হৈ কেইজনমান প্রতিৱেশীৰ সৈতে হোম কোৱাৰেণ্টাইনত থকা আকাশে মাতৃৰ মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানলৈ নি সৎকাৰ কৰে৷ এজন যুৱকক হোম কোৱাৰেণ্টাইনত ৰাখি যে চৰাইদেউ জিলা প্রশাসনে দায়িত্ব সামৰিব বিচৰা ঘটনাই সচেতন ৰাইজৰ চকু কপাল তুলিছে৷ হোম কোৱাৰেণ্টাইনত থকা যুৱকজনে প্রতিৱেশীৰ সৈতে শ্মশানলৈ যোৱাটো কিমান গ্রহণযোগ্য, সেয়াও বৃহৎ প্রশ্ণ৷ এই ঘটনাৰ পিছতে স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে৷ পূর্বেও প্রশাসনে ভাস্কৰ লাহনক কণমানি পুত্র থকাৰ বাবে মাতৃ–পুত্রৰ লগতে পিতৃকো ঘৰতে হোম কোৱাৰেণ্টাইনত থাকিব দিছিল, পিছত পিতৃ ভাস্কৰ লাহন ক’ভিড–১৯ পজিটিভ ওলোৱাত ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ৰাইজৰ প্রশ্ন– হোম কোৱাৰেণ্টাইনত থকা আকাশ বৈদ্যৰ সংস্পর্শলৈ অহা ব্যক্তিসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ’ব নে নহয়৷