আয়ুৰ্বেদিক কলেজ আৰু জাগীৰোড পেপাৰমিলৰ হাস্পতাল হ’ব COVID হাস্পতাল
নিয়মীয়া বাৰ্তা, ২৪ মে’: ৰাজ্যত আগ্ৰাসী ৰূপত বৃদ্ধি হোৱা ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা ৰ প্ৰতি লক্ষ্য ৰাখি নিত্য-নতুন পৰিকল্পনা ৰচনা কৰিছে ৰাজ্যৰ স্বাস্থ্যবিভাগে । ক’ৰোনাৰ বাবে নিৰ্মাণ কৰা হাস্পতালসমূহ পূৰ্ণ হ’লে পৰৱৰ্তী পৰ্যায়ত নতুন চিকিৎসালয় নিৰ্মাণ কৰীৰ সম্পূৰ্ণ পৰিকল্পনা তৈয়াৰ কৰি থকা হৈছে ।
আয়ুৰ্বেদিক কলেজ আৰু জাগীৰোডৰ হিন্দুস্থান পেপাৰ মিলৰ হাস্পতালক পূৰ্ণকালিন ক’ভিড হাস্পতাল ৰূপে গঢ়ি তুলিবলৈ পৰিকল্পনা কৰিছে । সেই উদ্দেশ্যৰে শনিবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাক লগত লৈ পৰিদৰ্শন কৰে জালুকবাৰীস্থিত আয়ুৰ্বেদিক কলেজ ।
ইতিমধ্যে শনিবাৰে আয়ুৰ্বেদিক কলেজ পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰীয়ে অহা ১ জুনৰ পৰা তাত ক’ভিড চিকিৎসা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ।
In wake of rapidly rising number of #Corona + patients, we might consider converting Jalukbari Ayurvedic College as full-fledge #COVID19 Hospital. I MOS @Pijush_hazarika & PS Health @samirsinha69 visited the facility today.
A decision to this effect is likely soon.#AssamCares pic.twitter.com/osUKpDFvIQ
— Himanta Biswa Sarma (@himantabiswa) May 23, 2020