নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ২৬ মেঃ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তর্গত বেগুনতলী গাঁৱত যোৱানিশা পত্নীক হত্যা কৰি স্বামীয়ে আত্মহত্যা কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গাঁওখনৰ ছাইদুল ইছলাম নামৰ লোকজনে লকডাউনৰ বাবে আর্থিক সংকটত পৰে৷ অভাৱৰ বাবেই পত্নীৰে সংঘাতৰ সৃষ্টি হয় ইছলামৰ৷ লকডাউনৰ বাবে ঈদৰ খা–খৰচো উলিয়াব নোৱাৰিলে ছাইদুলে৷ যোৱানিশা স্বামী–স্ত্রী দুয়োৰে মাজত কাজিয়া হয়৷ ছাইদুলে প্রহাৰ কৰাত পত্নীৰ মৃত্যু ঘটে৷ পত্নীৰ মৃত্যু হোৱাত ছাইদুল ইছলামে চিপ লৈ আত্মহত্যা কৰে৷ গৌৰীপুৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ নিয়ে৷

You might also like