বাইহাটা চাৰিআলিত অচেতন অৱস্থাত উদ্ধাৰ ব্যক্তি
নিয়মীয়া বাৰ্তা ২৬ মেঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ আলিপূব গাঁৱত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গছৰ তলত উদ্ধাৰ হয় এগৰাকী ব্যক্তি।প্ৰায় ৩৫ বছৰ বয়সৰ ব্যক্তি গৰাকীক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বাইহাটা চাৰিআলি আৰক্ষীক। গেঞ্জী আৰু হাফপেণ্ট পৰিহিত ব্যক্তি গৰাকীক আৰক্ষীয়ে ১০৮ৰ সহযোগত বেজেৰা সামূহিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । বৰ্তমানলৈকে আৰক্ষীয়ে ব্যক্তি গৰাকীৰ নাম ঠিকনা উদ্ধাৰ কৰিব পৰা নাই । ব্যক্তি গৰাকী বহি: ৰাজ্যৰ পৰা খোজ কাঢ়ি আহি ভাগৰি পৰাৰ সন্দেহ স্থানীয় আৰক্ষীৰ।