নিয়মীয়া বাৰ্তা২৬ মেঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ কাঠপাৰা নিবাসী তথা অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ কলিয়াবৰ সাংসদীয় সমষ্টিৰ প্ৰাক্তন অধ্যক্ষ আৰু চামগুৰি সমষ্টিৰ বিশিষ্ট সমাজ কৰ্মী আব্দুল কৰিম ওৰফে মইনা মাষ্টৰ(৬৮)ৰ আজি পুৱা ৪-৩০ বজাত বাৰ্ধক্য জনিত ৰোগত নিজা বাসভৱনত মৃত্যু হয় । ২০১৪ বৰ্ষতে তেঁও ১ নং ভাটিয়াখালী মোক্তাব বিদ্যালয়ৰ পৰা স্বেস্বাই অৱসৰ লৈছিল। জিলা খনৰ কংগ্ৰেছ দলৰ নেতা পালিনেতাৰ মাজত ‘মইনা মাষ্টৰ’ বুলি জনাজাত লোক জন কেই বছৰ মানৰ পৰা বাৰ্ধক্য জনিত ৰোগত ভুগি আছিল । তেঁও অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সদস্য থকাৰ লগতে নগাঁও জিলা কংগ্ৰেছ কমিটিৰ উপ-সভাপতিৰ দায়িত্বও পালন কৰিছিল । তদুপৰি কাঠাপাৰা মাৰ্কাজ মছজিদৰ সভাপতিৰ আসনত থকাৰ লগতে কাঠপাৰা ইছলামীয়া মাদ্ৰাছাৰ সভাপতি আছিল । প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ ৰূপে পৰিচিত কৰিমৰ মৃত্যুৰ বাতৰিয়ে জিলা খনত গভীৰ শোকৰ ছাঁ পেলাইছে। বিৰোধী দলৰ উপ দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা আজি তেঁওৰ বাসগৃহত উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে । ইয়াৰ পাছতে চামগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত লাওখোৱা ব্লক কংগ্ৰেছ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাকে ধৰি বহুকেইজন কংগ্ৰেছ নেতা উপস্থিত থাকি এখন শোকসভা অনুষ্ঠিত কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আনহাতে বিশিষ্ট সমাজকৰ্মী তথা নগাঁও জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি গৰাকীৰ মৃত্যুত ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমান আৰু আব্দুল আজিজ অসম মিঞা (অসমীয়া) পৰিষদ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ডা:আশ্ৰাফুল আলম নগাঁও জিলা কংগ্ৰেছ কমিটিৰ লগতে বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷আনহাতে মৃত্যুৰ সময়ত আব্দুল কৰিমে দুগৰাকী পত্নী, ৫ জন ল’ৰা আৰু ৩ গৰাকী ছোৱালীৰ লগতে নাতি নাতিনী ইহ সংসাৰত এৰি থৈ যায় ।