নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রইলাৰ কঢ়িওৱা ট্রাকৰ পৰা ক’ৰোনা সংক্রমণৰ আশংকা

নিয়মীয়া বাৰ্তা, ২৮ মেঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে ঘোষণা কৰা দীঘলীয়া লকডাউনে ব্যাপক প্রভাৱ পেলাইছে ৰাজ্যৰ অর্থনৈতিক ক্ষেত্রত৷ দুমাহ সম্পূর্ণ কৰা লকডাউনে ক্ষতিগ্রস্ত কৰিছে কৃষিখণ্ডৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক খণ্ডলৈ৷ ব্যতিক্রম নহয় ৰাজ্যৰ পশুপালন ক্ষেত্রও৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰুধিবলৈ ঘোষণা কৰা লকডাউনত অত্যধিক ক্ষতি হোৱাসকলৰ অন্যতম হৈছে ব্রইলাৰ পালকসকল৷

বিগত সময়ছোৱাত ৰাজ্যত দ্রুতগতিত হ্রাস পাইছে ব্রইলাৰ উৎপাদন৷ ফলস্বৰূপে বজাৰত দিনকদিনে বৃদ্ধি পাইছে ব্রইলাৰ মাংসৰ দাম৷ বর্তমান খুচুৰা বজাৰত প্রতি কিলোগ্রাম ব্রইলাৰ মুর্গী মাংসৰ দাম হৈছে ৩২০ টকা৷ পূর্বে এই মূল্য আছিল ২০০ টকা৷ একেদৰে খুচুৰা বজাৰত গোটা ব্রইলাৰৰ দাম ২০০–২৫০ টকা পর্যন্ত প্রতি কিলোগ্রামত বৃদ্ধি পাইছে৷ লকডাউনৰ পূর্বে খুচুৰা বজাৰত গোটা ব্রইলাৰ প্রতি কিলোগ্রামত ৮৫–১১০ টকাত বিক্রী কৰা হৈছিল৷ মূলতঃ চাহিদা অনুপাতে উৎপাদন নোহোৱা বাবেই বজাৰত ব্রইলাৰৰ দাম দ্রুতগতিত বৃদ্ধি পাইছে৷ প্রাপ্ত তথ্য অনুসৰি ৰাজ্যৰ বজাৰত ব্রইলাৰ মুর্গীৰ দৈনিক চাহিদা হৈছে ৭ লাখ কিলোগ্রাম৷

ইয়াৰ বিপৰীতে বর্তমান ঘৰুৱা উৎপাদনৰ পৰিমাণ হৈছে মাত্র ডেৰ লাখ কিলোগ্রাম৷ অর্থাৎ বজাৰৰ চাহিদাৰ এক পঞ্চমাংশহে থলুৱাভাৱে উৎপাদিত হৈছে৷ ফলত দৈনিক বহিঃৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হৈছে ব্রইলাৰ মুর্গী৷ জানিব পৰা মতে, ক’ৰোনাৰ হটস্পট হিচাপে বিবেচিত পশ্চিমবংগৰ ভিন্ন প্রান্তৰ পৰা ৰাজ্যলৈ আমদানি কৰা হৈছে ব্রইলাৰ মুর্গী৷ ৰাজ্যৰ বজাৰৰ চাহিদা পূৰণ কৰিবলৈ পশ্চিমবংগৰ পৰা আহিছে ট্রাকে ট্রাকে মুর্গী৷ প্রতিদিনে ৰাজ্যত ৮০–৯০খন ব্রইলাৰ মুর্গী কঢ়িওৱা ট্রাকে প্রৱেশ কৰিছে৷ প্রতিখন ট্রাকত ওজন হিচাপে ডেৰ টন পর্যন্ত ব্রইলাৰ মুর্গী অনা হয়৷ অর্থাৎ দৈনিক ১২০ টন মুর্গী পশ্চিমবংগৰ পৰা অনা হৈছে৷

পূর্বে বহিঃৰাজ্যৰ পৰা পশুধন আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ কিন্তু শেহতীয়াকৈ বজাৰৰ চাহিদা অনুপাতে ব্রইলাৰ মুর্গী উৎপাদন নোহোৱাত বহিঃৰাজ্যৰ পৰা পশুধন আমদানিত অনুমতি প্রদান কৰা হৈছে৷ ‘অল আছাম প’ল্ট্রী ফার্মাৰ এণ্ড ট্রেডার্ছ এছ’চিয়েচন’ৰ সভাপতি মৃদুল বৰাই সদৰী কৰা অনুসৰি ৰাজ্যলৈ পশ্চিমবংগৰ ফালাঘাট, আলিপুৰদুৱাৰৰ পৰা ব্রইলাৰ মুর্গী অনা হৈছে৷ ইয়াৰ ফলস্বৰূপে ক’ৰোনাৰ সংক্রমণ ৰাজ্যত অধিক বৃদ্ধি পোৱাত তেওঁ আশংকা প্রকাশ কৰিছে৷ ফাঁচীবজাৰত আলুপট্টিৰ শ্রমিক মুংৰু সাহানী ক’ৰোনাত আক্রান্ত হোৱাৰ উদাহৰণ প্রকাশ কৰি তেওঁ কয়– ‘আলু–পিঁয়াজ কঢ়িওৱা ট্রাকৰ চালকৰ পৰাই শ্রমিকজন সংক্রমিত হোৱা বুলি সন্দেহ প্রকাশ কৰা হৈছিল৷

পশ্চিমবংগতো ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ সেয়েহে ব্রইলাৰ কঢ়িওৱা ট্রাকসমূহৰ পৰা ক’ৰোনা ৰাজ্যত সংক্রমণ হোৱাৰ যথেষ্ট আশংকা আছে৷’ ইফালে, লকডাউনৰ সময়ত কিদৰে ৰাজ্যৰ থলুৱা ব্রইলাৰ পালকসকল লোকচানৰ সন্মুখীন হৈছিল, সেই বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দেশত প্রথম ক’ৰোনাৰ সংক্রমণ ঘটাৰ সময়ৰে পৰা ব্রইলাৰ পালকসকল লোকচানৰ সন্মুখীন হৈ আহিছে৷ প্রথম পর্যায়ত ব্রইলাৰৰ মাংসৰ পৰা ক’ৰোনা বিয়পে বুলি উৰাবাতৰি প্রকাশ পালে৷ যাৰ বাবে বজাৰত অস্বাভাৱিকভাৱে হ্রাস পালে৷

গ্রাহকে বজাৰত সেই সময়ত ব্রইলাৰ ক্রয় কৰাৰ পৰা বিৰত আছিল বুলি উল্লেখ কৰি বৰাই কয়– ‘লকডাউন আৰম্ভ হোৱাৰ লগে লগে ফার্মসমূহে ব্রইলাৰ মুর্গীসমূহ বিক্রী কৰিব নোৱাৰিলে৷ ফলত বহু পালকে ফার্ম বন্ধ কৰিবলৈ বাধ্য হ’ল৷ ফার্মসমূহে নতুন পোৱালি ভৰাব নোৱাৰিলে৷ প্রথম লকডাউনৰ সময়ত পশুখাদ্যৰ নাটনি হ’ল৷ ২৪–৩১ মার্চৰ ভিতৰত বিক্রীৰ বাবে ৰাজ্যৰ ফার্মসমূহত ১ কোটি ব্রইলাৰ সাজু হৈ উঠিছিল৷ কিন্তু ক্রমান্বয়ে দানা বন্ধ হোৱাত এই ব্রইলাৰসমূহৰ বেমাৰ হ’বলৈ আৰম্ভ কৰিলে৷ ব্রইলাৰসমূহৰ খাদ্যৰ অভাৱত ওজন হ্রাস হ’বলৈ ধৰিলে৷ উপায়হীন হৈ বহু পালকে অতি কম দামত বিক্রী কৰিবলগীয়া হ’ল ব্রইলাৰসমূহ৷ প্রথম লকডাউনৰ সময়ত প্রায় ১.৫০ কোটি ব্রইলাৰ মুর্গী নষ্ট হ’ল৷ সেই সময়ত অতি কমেও ২১০ কোটি টকা লোকচান হ’ল এই খণ্ডটোৰ৷ লকডাউনৰ পৰৱর্তী সময়ত পশুখাদ্য–পশুধনৰ ওপৰত কিছু শিথিলতা অহা হ’ল যদিও ৰাজ্যৰ ব্রইলাৰ পালকসকলে প্রতি মাহত মুঠ ৫০–৭০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে৷’

You might also like