এজাক বৰষুণতে খহিল গার্ড ৱাল
নিয়মীয়া বাৰ্তা, ২৮ মেঃ গেৰুকামুখত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত বাৰিষাৰ আগমনৰ লগে লগে ভয়ংকৰ ভূমিস্খলন আৰম্ভ হৈছে৷ চকুৰ সন্মুখতে চপৰাচপৰে খহিছে প্রকল্পৰ চাৰিওফালৰ পাহাৰ৷ বিগত কেইবাদিনো ধৰি হৈ থকা নেৰনেপেৰা বৰষুণৰ ফলত জলবিদ্যুৎ প্রকল্পটোৰ ভিন্ন স্থানত ভূমিস্খলন হোৱাৰ তথ্য আজি পোহৰলৈ আহিছে৷ কালি নিশা পাহাৰৰ এটা বৃহৎ অংশ অকস্মাত খহি পৰাত প্রকল্পথলীত হাহাকাৰ লাগে৷ কেৱল সেয়াই নহয়, মূল বান্ধলৈ যোৱা পথটোৰ মাজতো বিয়াগোম ফাট মেলা পৰিলক্ষিত হৈছে৷
এই পথৰ কেইবাটাও অংশত ব্যাপক খহনীয়া হোৱাৰ ফলত মূল বান্ধটোৰ লগত যোগাযোগ ব্যাহত হৈ পৰিছে৷ একে সময়তে ডাইভাৰচন টানেলেৰে তীব্র বেগত অহা পানীয়ে প্রকল্পটোৰ গার্ড ৱালৰো বিস্তৰ ক্ষতি কৰিছে৷ ফলত বান্ধত নামনি অংশতো খহনীয়াৰ সৃষ্টি হোৱাৰ আশংকা ঘনীভূত হৈছে৷ মূল বান্ধৰ ঠিক তলতে থকা গার্ড ৱাল খহি পৰা ঘটনাই এতিয়া নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্রতিও ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে নেচনেল গ্রীন ট্রিবুনেলৰ বাধা আঁতৰি যোৱাৰ পাছত এন এইচ পি চিয়ে পূর্ণগতিত ২০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম বৃহৎ বান্ধটোৰ নির্মাণ অব্যাহত ৰাখিছে৷ শীঘ্রে প্রকল্পটোত বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নির্মাণকাৰী সংস্থাটোৱে লকডাউনৰ মাজতো ধুমুহাৰ গতিত কাম চলাই আছে৷
নির্মাণকার্যত নিয়োগৰ বাবে আনকি বহিঃৰাজ্যৰ পৰাও শ্রমিক আমদানি কৰিছে৷ একে সময়তে এন এইচ পি চিয়ে স্থানীয় একাংশ মধ্যভোগী, দল–সংগঠনৰ নেতাক মেনেজ কৰাৰ বাবেও পানীৰ দৰে ধন ব্যয় কৰি আছে৷ সংবাদ মাধ্যমত বিজ্ঞাপন দি অসমৰ ৰাইজক আশ্বস্ত কৰাৰ প্রচেষ্টাও অব্যাত ৰাখিছে৷ কিন্তু এন এইচ পি চিয়ে যিমানেই উন্নত প্রযুক্তিৰে বৃহৎ নদীবান্ধ প্রকল্পটো নির্মাণ কৰা বুলি প্রচাৰ নচলাওক কিয়, যোৱা কেইটামান দিনতে তেওঁলোকৰ সকলো সদম্ভ ঘোষণা ফুটুকাৰ ফেন হৈ পৰিল৷ মাত্র কেইটামান দিনৰ বৰষুণতে পথ, গার্ড ৱাল খহি বৃহৎ নদীবান্ধ প্রকল্পটোৰ অৱস্থা অবর্ণনীয় হৈ পৰিল৷
এই খবৰ বিয়পি পৰাৰ পাছতে বান্ধৰ নামনি অংশত বাস কৰা ৰাইজৰ মাজত শংকা ঘনীভূত হৈছে৷ ভৱিষ্যতে যদিহে মূল বান্ধৰ পৰা পাহাৰ খহি পানী নামি আহে, তেনেহ’লে কি অৱস্থা সৃষ্টি হ’ব, তাকে ভাবি সোৱণশিৰিৰ নামনিৰ ৰাইজৰ চকুত টোপনি নোহোৱা হৈছে৷ উল্লেখ্য যে বৃহৎ নদীবান্ধটো সন্দর্ভত অধ্যয়ন কৰিবলৈ গঠন কৰা অসম চৰকাৰৰ বিশেষজ্ঞ সমিতিয়ে স্পষ্ট ভাষাৰে উল্লেখ কৰিছিল যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প অৰুণাচলৰ যিটো পাহাৰ অংশত নির্মাণ কৰা হৈছে, তাৰ শিলাখণ্ড অতি থুনুকা৷ গতিকে তেনে এক স্থানত বৃহৎ বান্ধ নির্মাণ কৰাটো অতি বিপজ্জনক হ’ব পাৰে৷
বিশেষজ্ঞ সমিতিৰ প্রতিবেদনৰ ভিত্তিতে অসমৰ জাতীয় দল–সংগঠনসমূহে জলবিদ্যুৎ প্রকল্পটোৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তুলিছিল৷ ইয়াৰ বিপৰীতে চৰকাৰ আৰু এন এইচ পি চিয়ে বান্ধৰ পক্ষত যুদ্ধংদেহি স্থিতি লয়৷ পৰৱর্তী সময়ত বিষয়টো গ্রীন ট্রিবুনেলৰ বিচাৰাধীন হৈ পৰে৷ গ্রীন ট্রিবুনেলেও এটা অতি আশ্চর্যজনক ৰায়ৰ জৰিয়তে এন এইচ পি চিক বান্ধ নির্মাণ কৰিবলৈ সেউজ সংকেত প্রদান কৰে৷ ইয়াৰ পাছতে পূর্ণগতিত আৰম্ভ হয় জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণৰ কাম৷ এতিয়া নির্মাণ প্রায় সম্পূর্ণ হোৱাৰ পথত৷
তেনে সময়তে কেইদিনমানৰ বৰষুণত প্রকল্পস্থলীত হোৱা বৃহৎ ভূমিস্খলনে ভয়াৱহ দিনৰ অশনি সংকেত কঢ়িয়াই আনিছে৷ ভৱিষ্যতে গেৰুকামুখৰ বান্ধে মহাপ্রলয়ৰ সূচনা কৰাৰো আশংকা ব্যক্ত কৰিছে ধেমাজি জিলা ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিয়ে৷ ইফালে, নীপকোৱে পানী এৰি দিয়াৰ ফলতো ৰঙানদীৰ বুকুৱেদি নামি অহা পানীয়ে লখিমপুৰৰ বিস্তীর্ণ অঞ্চল প্লাৱিত কৰিছে৷ তাৰ মাজতে গেৰুকামুখত বৃহৎ বান্ধৰ নির্মাণস্থলীত হোৱা ভূমিস্খলনৰ ঘটনাই উত্তৰ অসমবাসীৰ মাজত দুর্যোগৰ আশংকা ঘনীভূত কৰি তুলিছে৷