ৰাজ্যৰ বিত্তীয় পৰিস্থিতি তথা ৰাজ্যৰ চৰকাৰী চাকৰিয়ালৰ সন্দৰ্ভত কি ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা ২৮ মেঃ ৰাজ্যৰ চৰকাৰী চাকৰিয়াল তথা পেঞ্চন ভোগী সকলৰ বাবে সুখবৰ। মে মাহৰ দৰমহা আৰু পেঞ্চন আদায় দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। অৰ্থাৎ মে মাহত সময় মতে দৰমহা পাব ৰাজ্যৰ চাকৰিয়াল তথা পেঞ্চনাৰ সকলে, এই তথ্য জানিবলৈ দিয়ে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিও উন্নত হৈছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।
এই সন্দৰ্ভত আজি ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে “অসম চৰকাৰে মে’ মাহৰ দৰমহা আৰু পেঞ্চন সম্পূৰ্ণৰূপে আদায় দিয়াৰ সিদ্ধান্ত লৈছে ৷ কেন্দ্ৰীয় চৰকাৰে বিকেন্দ্ৰীকৃত অনুদান দিয়াৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে ৷ এনে সহায়ৰ বাবে সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু সন্মানীয়া বিত্ত মন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ ৰাজ্যৰ নিজস্ব ৰাজহো ক্ৰমাৎ বৃদ্ধি হ’ব ধৰিছে ৷”